বৰডুমচাত নাহৰফুটুকী বাঘ উদ্ধাৰ
অসম অৰুণাচল সীমান্তবৰ্তি বৰডুমচাৰ খেৰেম কছাৰী গাঁৱত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ। দীৰ্ঘদিন ধৰি নাহৰফুটুকী টোৱে গাঁওখনত লোকৰ ঘৰত গৰু, ছাগলী আদি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰাৰ লগতে বহু কেইজন লোকক আক্ৰমণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
বাঘৰ আক্ৰমণত বহু কেইজন লোক বৰ্তমানে ডিব্ৰুগড়, তিনিচুকীয়া চিকিৎসা লয়ত চিকিৎসা ধীন অৱস্থাত আছে। সেয়েহে স্থানীয় ৰাইজ আৰু অৰুণাচলৰ বন বিভাগৰ সহযোগত পতা পিঞ্জৰাত যোৱা কালি নিশা পিঞ্জৰাবদ্ধ হয় এই প্ৰকাণ্ড নাহৰফুটুকী মতা বাঘটো।
বৰ্তমানে বাঘটো অৰুণাচলৰ বন বিভাগৰ কৱলত।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News