তিনিচুকীয়া বৰডুবি পঞ্চায়তৰ এটি পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক । উত্তেজিত বৰডুবি কুঁৱৰী পথাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ ন ৱাৰ্ডৰ বিছফুতিয়া গাঁওৰ ৰাইজ। বিস্ফুতিয়া গাঁওৰ মাজেদি যোৱা বৰডুবি সংযোগী মূল পথ টিৰ অবস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব।গাড়ী, বাইক্ ৰ কথা নকওঁৱে মানুহে খোজ কাঢ়িব ভয় কৰা পথ এইটো।১৫০০ ভোটাৰ থকা উক্ত গাওঁ খনিত নিৰ্বাচনৰ সময়ত লাইন লাগে ভোট বিচাৰি মন্ত্ৰী বিধায়ক ৰ,পথটি নিৰ্মাণ ৰ নামত দিয়ে আশ্বাস,কিন্তু মন্ত্ৰী সঞ্জয় কিচানৰ সমষ্টিৰ অন্তৰ্গত এই পথটি আজি কুপটি নিৰ্মাণ নহল,দুঃখিত ৰাইজ।ৰোগীৰ পৰা আদিকৰি স্কুল যোৱা ছাত্ৰ ছাত্ৰী, পথচাৰি সকলোৱে ভুগিব লগীয়া হৈছে চৰম হতাশাত।অন্যহাতে সামাজিক মাধ্যমত এগৰাকী যুৱকে পথটোৰ দূৰৱস্থাৰ ছবি আপলোড কৰাত পুৱাই উঠি খাব লগীয়া হল ৱাৰ্ড সদস্যৰ ঘৈনিয়েকৰ ধমক ।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া,Ne India News