ব্ৰাহ্মছ মিছাইলৰ আন এক সফল পৰীক্ষণ
ভাৰতে নৱেম্বৰ মাহতে কেইবাটাও ব্ৰাহ্মছ মিছাইলৰ পৰীক্ষণ কৰিব বুলি ঘোষণা কৰিছিল।মঙলবাৰে ভাৰতীয় সেনাৰ উদ্যোগত আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা ব্ৰাহ্মছ মিছাইলৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয়।
মঙলবাৰে ১০ বজাত ব্ৰাহ্মছ মিছাইলৰ পৰীক্ষণ কৰা হয় আৰু মিছাইলবিধে সঠিক সময়ত সঠিক লক্ষ্যস্থানত আঘাত হানিবলৈ সক্ষম হয় বুলি সেনাৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰে।
ব্ৰাহ্মছ মিছাইলে আঘাত হানিব পৰা লক্ষ্য স্থান ২৯৮ কিলোমিটাৰৰ ঠাইত এতিয়া ৪৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে বুলিও প্ৰকাশ কৰে।
News Desk,Ne India