জালালপুৰ চিকিৎসালয়ত পুনৰ্নিমাণৰ নামত চলিল চৰকাৰী ধনৰ শৰাধ

0
1478

NE INDIA: ঘৰলৈ যদি হঠাৎ জী জোৱাঁ‌ই অহাৰ খবৰ পোৱা  যায় তেতিয়াই দৌৰা দৌৰীকৈ ঘৰ সুন্দৰ কৰা হয় । ঠিক এনে কাৰ্যয়ে চলিছে কাটিগড়াৰ বাংলাদেশ সীমান্তবর্তী জালালপুৰ ব্লক প্রাইমাৰী হেল্থ চেন্টাৰত। এই হেল্থ চেন্টাৰ পৰিদৰ্শন কৰিবলৈ পৰৱৰ্তী দিন কেইটাত দিল্লীৰ পৰা এটা বিশেষ দল আহিব । এই দলৰ সন্মুখত চিকিৎসালয় খনক  সুন্দৰ দেখাবৰ বাবে কর্তৃপক্ষই দৌৰা দৌৰীকৈ শেলুৱৈৰে আৱৰি থকা  দেৱালৰ ওপৰত ৰং লগাইছে । অন্যহাতে চিকিৎসালয়ত পূর্ণকালীন চিকিৎসক নাই, ঔষধৰ যোগান নাই,চিকিৎসালয়ৰ ৱালত ফাট মেলিছে। এইসমুহ জৰুৰী কাৰ্যক পিছ পেলাই ৰাখি চিকিৎসালয় কর্তৃপক্ষই যিভাবে ওপৰে ওপৰে কাম  কৰিছে সেয়া দেখি অঞ্চলটোত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।

শনিবাৰে এনই ইন্ডিয়াৰ প্ৰতিনিধিয়ে পুৱা  চাৰে দহ বজাত জালালপুৰ চিকিৎসালয়ত গৈ দেখে , ডাক্তৰৰ চেম্বাৰ খালি। বিভিন্ন ৰুমত পুৰণা টাইলছক ঢাকি ৰেকচিনৰ মেত পেপাৰেৰে ঢাকি দিয়া হৈছে। দেৱালত নতুন ৰং কৰা হৈছে কিন্তু দেৱালত ফাট । এনেদৰেই ৰিনোভেচনৰ কাম চলিছে পুৰ্ণ্যোদমে কিন্তু চিকিৎসালয়ৰ নিকটৱৰ্তী জনতা কোনো ভু কে নেপায় । এই কামৰ বাবে কিমান টকা আৱন্টন হৈছে, প্লেন এষ্টিমেত কি, কাম কোনে কৰিছে, কোনেও একো নেজানে । এইক্ষেত্ৰত অঞ্চলটোৰ বিশিষ্ট নাগৰিক কনক নাথ, চাহাজুল ইচলাম বড়ভূঞা জমিৰউদ্দিন লস্কৰ আদি লোক সকলে এনই ইন্ডিয়াৰ ওচৰত তেওলোকৰ ক্ষোভ প্রকাশ কৰি বক্তব্য ৰাখে। এই ক্ষেত্ৰত কালাইনৰ ভাৰপ্রাপ্ত  ডাঃ মৈত্রেয়ী সুৰ ভৌমিকে কলে, কেইদিন মান পিচতে এটা কেন্দ্ৰীয়  দল পৰিদর্শনৰ উদ্দেশ্যি আহিব। সেয়ে চিকিৎসালয়ৰ চেয়াৰমেন বিধায়ক অমৰচাঁন্দ জৈনৰ বিশেষ পদক্ষেপত চিকিৎসালয়ৰ উন্নয়ন পুজিৰ পৰা এই কাম কৰা হৈছে ।

https://youtu.be/kp2vIVm16xM?t=4

প্রদীপ্ত পুরকায়স্থ, কাটিগড়া,Ne India NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here