ব্যক্তিগত খণ্ডৰ বিননি

0
140

ব্যক্তিগত খণ্ডৰ বিননি

বৰ্তমান দেখা গৈছে দেশৰ বৃহৎ বৃহৎ চৰকাৰী উদ্যোগ, নিগম, আনকি পৰ্যতন স্থল সমূহো চৰকাৰে নিজৰ হাতত নাৰাখি ব্যক্তিগত খণ্ডৰ হাতত সসন্মানে অৰ্পণ কৰিছে। যি কোনো জাতীয়তাবাদী মনোভাৱ সম্পন্ন ব্যক্তিৰ বাবে এইবোৰ মানি ল’ব পৰা বিষয় নহয়।
উদ্যোগ বা প্ৰতিষ্ঠান এটা ব্যক্তিগত মানিকানাধীন হ’লে পৰিচালন সম্পৰ্কী সকলো স্বাধীনতা, আৰু তাত জড়িত কৰ্মচাৰী সকলৰ বিভিন্ন ধৰণৰ স্বাধীনতা সংকুচিত হৈ পৰে। কেতিয়াবা কেতিয়াবা কৰ্মচাৰী সকলে বাক স্বাধীনতা পৰ্যন্ত জলাঞ্জলি দিব লগীয়া হয়। মালিক পক্ষই নিৰন্তৰ চেষ্টা কৰে তাৰ পৰা অধিক উৎপাদন আৰু লাভ আহৰণ কৰাৰ বাবে। তেওঁলোকে কৰ্মচাৰীৰ সুখ-সুবিধাৰ বাবে কিন্তু মনোযোগ দিয়াত কাৰ্পণ্য কৰা সততে দেখা যায়।
ইতিমধ্যে আমাৰ বহুতো জাতীয় সম্পদ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত হৈছেই। বৰ্তমান কথা ওলাইছে শিলচৰ আৰু জাগীৰোডৰ কাগজ কল দুটাৰ। জাতীয় সংগঠনৰ পক্ষে তাৰ বিৰোধিতা আৰু প্ৰতিবাদ কৰা স্বাভাৱিক আৰু যুক্তিসংগত। কিন্তু অপ্ৰিয় সত্য কথা কিছুমানো আমি উলাই কৰিব নিশ্চয় নোৱাৰোঁ।
অসম ৰাজ্যিক পৰিবহণ নিগম ( Assam State Transport Corporation)ক প্ৰথমতে, গুৱাহাটী আৰু নগাঁওৰ মাজত চাৰিখন বাছৰ চলাচল কৰাই এটা বিভাগ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৭০ চনৰ ৩০ মাৰ্চত ৰাজ্যিক পৰিবহণ বিভাগটো অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ৰাজহুৱা পৰিবহণ সেৱাৰ বাবে ৰাজহুৱা খণ্ডৰ নিগমলৈ পৰিৱৰ্তন কৰা হৈছিল। কিন্তু ই অসমৰ ৰাজ্যিক চৰকাৰৰ এটা বিভাগ হিচাপে কাম কৰিছিল। এই নিগমৰ অধীনত সমগ্ৰ অসমৰ লগতে প্ৰতিৱেশী ৰাজ্যসমূহলৈ বাছ সেৱাৰ সম্প্ৰসাৰণ কৰি যোগাযোগ ব্যৱস্থাৰ এটা নেটৱৰ্ক স্থাপন কৰা হৈছিল। তাৰ সুফল লাভ কৰিছিল অসমৰ চুবুৰীয়া ৰাজ্যৰ যাত্ৰী সকলে।
আজিৰ পৰা প্ৰায় তিনিটা দশকৰ আগলৈকে নিগমটো সুন্দৰ ভাৱে চলি আছিল। কিন্তু নব্বৈৰ দশকৰ অদি ভাগৰ পৰা এই নিগম ডুবিবলৈ ধৰে। তাৰ বাবে কিন্তু চৰকাৰক দোষাৰোপ কৰিব পৰা নাযায়। নিগমটো ৰাজ্যিক চৰকাৰ সহযোগী আছিল যদিয়ো সম্পূৰ্ণ স্বতন্ত্ৰ অনুষ্ঠান হিচাপে চলিছিল। নিগমটো ডুবাৰ মূলত আছিল তাৰেই একাংশ বিষয়া-কৰ্মচাৰী(সকলো নহয়) । বাছৰ যাত্ৰীৰ পৰা সংগ্ৰহ কৰা ভাড়াৰ বিপৰীতে টিকত নিদিয়া কিছুমান দুষ্ট কণ্ডাক্টৰক আমি নিজে পাইছিলোঁ। টিকট বিচাৰিলে “প্ৰিন্টিং হোৱা নাই” বুলি কৈছিল। আনকি বাছৰ ” বিয়েৰিং ” ৰঙা লাওৰ ভিতৰত সুমুৱাই নিয়া মেকানিকো দেখা পাইছিলোঁ। কোনোবাই সুধিলে কৈছিল, ” ছোৱালীৰ ঘৰৰৰ পৰা ৰঙা লাও এটা আনিলোঁ!” বুলি।
কাগজ কল দুটা ধংস হোৱাৰ গুৰিতো এনেকুৱা ঘটনা আছে। এসময়ত দুষ্ট মানুহৰ কাৰ্যকলাপ ইমানেই বেছি হৈছিল যে দুই ট্ৰাক বাঁহ যোগান ধৰা মানুহৰ নামত দহ ট্ৰাক বাঁহ যোগান ধৰা বুলিয়ো বিল পাছ কৰোৱাৰ হৈছিল। এই কামত অসাধু ব্যৱসায়ীতকৈ উৎসাহ বেছি আছিল অসাধু কৰ্মচাৰীৰ। গেটৰ চকীদাৰৰ পৰা বিল পাছ কৰা বিষয়ালৈকে সকলোৱে মিলি চৰকাৰী ধনৰ মাক-বাপেকৰ নোহোৱাৰ দৰে হজম কৰিছিল। এই কথা জানিবলৈ তাত বাহঁ চাপ্লাই দিয়া মানুহক সুধিলেই ক’ব।
কথাবোৰ উল্লেখ কৰাৰ কাৰণ এয়ে যে আজি যিসকল জাতীয়তাবাদী সংগঠন আৰু কৰ্মচাৰীয়ে কল দুটা ব্যক্তিগতকৰণৰ প্ৰতিবাদত বিননি আৰম্ভ কৰিছে সেই সংগঠন তথা কৰ্মচাৰীয়ে ৰাজহুৱা উদ্যোগ দুটাত যেতিয়া ক্ষয় আৰম্ভ হৈছিল, তেতিয়া কিবা পদক্ষেপ গ্ৰহণ কৰিছিল নে? দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক আঁতৰোৱাৰ দাবীত এদিনৰ বাবে অসম বন্ধ আহ্বান কৰিছিল নে? নে “যিকোনো প্ৰকাৰে চৰকাৰে কল দুটা বচাওক “- বুলি পথ অবৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল তেতিয়া ?
সকলো চিন্তাশীল লোকৰ মতে – উদ্যোগ দুটা বাচিব লাগে। তাত নিয়োজিত কৰ্মচাৰী সকলে কাম কৰি পেটৰ ভাত মুঠি মোকলাব লাগে। কাম কৰা মানুহৰ বাবে কামৰ কোনো চৰকাৰী বা প্ৰাইভেট বুলি কথা নাই। যদি কাৰোবাক কাম নকৰাকৈ দৰমহা লাগে সেয়া বেলেগ কথা। তাৰ উদাহৰণ বিচাৰিলে কৈ শেষ নহ’ব।
আমি ভাবোঁ শিলচৰ আৰু জাগীৰোডৰ কাগজ কল দুটা জী উঠক। চৰকাৰে যেনেদৰে চলাব খোজে তেনেদৰে চলিবলৈ দিয়ক। চৰকাৰেও কোনো সংগঠনৰ হকাবধা নামানি কাম কৰি খোৱা মানুহ কেইজনক জীয়াই থকাৰ অধিকাৰ দিয়ক। কিছুমান লোকে সস্তীয়া জনপ্ৰিয়তা এৰাই চলিব পাৰিলে কাম কৰি খোৱা মানুহৰ বাবে কল্যাণকৰী হ’ব।

আৰ কে বেজবৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here