বেপাৰী ৰজা আৰু চাণক্য নীতি

0
1344

                                             বেপাৰী ৰজা আৰু চাণক্য নীতি

NE INDIA: বহু বছৰ আগতে চাণক্য পণ্ডিতে কৈছিল, যি খন দেশৰ ৰজা বেপাৰী হ’ব, সেইখন দেশৰ প্ৰজাসকল দুখীয়া হ’ব। এই কথাষাৰ কিমান সত্য আজিৰ জনতাই তাৰ প্ৰমাণ হাতে হতে পাইছে । আমাৰ দেশৰ বৰ্তমান চৰকাৰৰ মুৰব্বীজনক এজন বেপাৰী নামেৰেও জনা যায় । বৰ্তমান তেওঁ দ্বাৰা যিবোৰ নীতি-নিৰ্দেশনা বেপাৰ-বাণিজ্য, সৰু-বৰ ব্য‍ৱসায় প্ৰতিষ্ঠান তথা সামগ্ৰী দৰ-দামৰ ওপৰত জাৰি কৰা হৈছে বা পুৰণি ঐতিহ্যক যি ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিব আগবাঢ়িছে সঁচাই ই এক বেপাৰীৰ কাৰ্য নহয় নে ?
       দেশৰ অৰ্থনীতিত বৰ্তমান সংকটে দেখা দিছে । চাৰিওফালে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ । বয়-বস্তুৰ দাম দিনক দিনে বৃদ্ধি পাইছে । দুখীয়া জনতাৰ ওপৰত চৰকাৰৰ মাধমাৰ । ভূৱা ৰাজনীতি নালাগে আমাক জনতাৰ এয়াই আহবান । ততস্বতেও দেশৰ বৰ্তমান চৰকাৰৰ মুৰব্বীজনে বেপাৰী ভূষণ পৰিধান কৰি দেশ শাসন কৰি থকাটো অতিকৈ অপমান জনক নহয় নে ? জনতাৰ মঙ্গল চিন্তা কৰাটোৱে হৈছে দেশ এখনৰ মুৰব্বীজনৰ প্ৰথম কৰ্ত্তব্য । যদি দেশৰ জনতাই শান্তিপূৰ্ণ ভাৱে জীয়াই থাকিব পৰা নাই, যদি জনতাই সুখী নহয় নতুন নীতি-নিৰ্দেশনাক লৈ, তেন্তে কিহৰ স্বাৰ্থত দেশৰ মুৰব্বীজনে বেপাৰী ভূষণ পৰিধান কৰি জনতাক শোষণ কৰিছে লগতে দেশৰ চাৰিওফালে জলন্ত প্ৰতিবাদৰ সৃষ্টি কৰিছে ।
        এনে সময়ত যদি দেশৰ মুৰব্বীজনে বেপাৰী ভূষণ পৰিহাৰ নকৰে বা জনতা শান্তি তথা মঙ্গলৰ কথা চিন্তা নকৰে, তেন্তে দেশৰ আগন্তুক দিনবোৰৰ পৰিস্হিতি আৰু যে ভয়াবহ নহব তাক নুই কৰিব নোৱাৰি ।

গোলাপ চাংমাই 
চিলাপথাৰ, ধেমাজি
৮৮৭৬৫৬৮৮৩৯

LEAVE A REPLY

Please enter your comment!
Please enter your name here