বেতনৰ পৰা বঞ্চিত ১২ হেজাৰ শিক্ষক !! প্ৰধানমন্ত্ৰীলৈ চিঠি

0
862

 

 

বেতনৰ পৰা বঞ্চিত ১২ হেজাৰ শিক্ষক
প্ৰধানমন্ত্ৰীলৈ চিঠি

news desk Ne india : প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত শিক্ষকৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ৷ ৰাজ্যত ১২ হেজাৰ প্ৰাথমিক শিক্ষকে দুৰদৰ্শাৰ কথা উল্লেখ কৰি প্ৰাপ্য দৰমহা মোকলাই দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰে ৷ শিক্ষক সকলৰ অভিযোগ তেওঁলোকক অবৈধ আৰু অনিয়মীয়া বুলি কৈ দৰমহাৰ পৰা বঞ্চিত কৰি ৰাখিছে ৷ অতিৰিক্ত শিক্ষক সকলে বিগত কেইবাবছৰ ধৰি বেতন লাভ কৰা নাই ৷ যোৱা লোকসভা নিৰ্বাচনৰ আগত তেওঁলোকৰ সমস্যা সমাধান কৰা হ’ব বুলি বিজেপি নেতাই আশ্বাস দিছিল ৷ আকৌ বিধানসভাৰ নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাই বিজেপি ক্ষমতালৈ আহিলে চাকৰি নিয়মীয়াকৰা হ’ব বুলিও নিৰ্বাচনী সভাত ভাষণ দিছিল ৷ কিন্তু ক্ষমতালৈ অহাৰ পিছত তেওঁলোকৰ প্ৰতিশ্ৰুতিলৈ আওকান কৰা বুলি পত্ৰত উল্লেখ কৰে ৷ তেওঁলোকৰ মাজৰ কিছুসংখ্যক শিক্ষকে ২০১২ বৰ্ষলৈকে নিয়মীয়াকৈ দৰমহা লাভ কৰিছিল ৷ যদিও তাৰ পিছৰে পৰা আজিলৈকে বেতনৰ পৰা বঞ্চিত হয় ৷ অতিৰিক্ত শিক্ষক সকল বেতনৰ পৰা বঞ্চিত হৈ বহুতৰে ৰোগত পৰি চিকিৎসাৰ অভাৱত মৃত্যু হয় ৷ বহুতেই পৰিয়াল চলাব নোৱাৰি আত্মহত্যা কৰা কথাই পত্ৰত স্থান পায় ৷ বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক সকলে তেওঁলোকৰ এনে বহু দুখ দুদৰ্শাৰ কথা উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীলৈ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here