বৃহস্পতি বাৰৰ পৰা হ’বলগীয়া ছিডনী টেষ্টত জয়ৰ লক্ষ্যৰে নামিব ভাৰত

0
99

বৃহস্পতি বাৰৰ পৰা হ’বলগীয়া ছিডনী টেষ্টত জয়ৰ লক্ষ্যৰে নামিব ভাৰত

মেলব’নত অনুষ্ঠিত বক্সিং ডে’ টেষ্টত জয়েৰে আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলে সফলতাৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে বৃহস্পতিবাৰৰ পৰা তৃতীয় টেষ্টত অৱতীর্ণ হ’ব৷

তৃতীয় টে’ষ্টত ভাৰতীয় দলত কেইবাটাও সালসলনি দেখিবলৈ পোৱাটো নিশ্চিত হৈছে৷ দুর্বল ফর্মত ভুগি থকা অ’পেনাৰ মায়ংক আগৰৱালৰ স্থানত অ’পেনাৰ ৰোহিত শর্মাই টেষ্ট দললৈ প্রত্যাৱর্তন ঘটোৱাটো নিশ্চিত৷
আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱা তাৰকা বেগী বলাৰ উমেশ যাদৱৰ স্থানত কাক অন্তর্ভুক্ত কৰিব সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই দলীয় মেনেজমেণ্টে৷
শার্দূল ঠাকুৰৰ নাম চর্চালৈ আহিছে যদিও দলৰ একাংশ জ্যেষ্ঠ খেলুৱৈয়ে নৱাগত তাৰকা নৱদীপ ছাইনীৰ পক্ষত থিয় দিছে৷ ছিডনীৰ গতিময় উইকেটত ছাইনীৰ তীব্র গতিসম্পন্ন বলে অষ্ট্রেলিয়ান বেটছমেনক সমস্যাত পেলাব বুলি তেওঁলোকে যুক্তি দর্শাইছে৷
Sports Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here