বহু প্ৰতীক্ষাৰ অন্তত তিনিচুকীয়া জিলাৰ মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত বিশাল দুদিনীয়া বিস্তৃত কায্যসূচীৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ সন্মিলিত সংগ্ৰামী মঞ্চৰ বহাগী বিদায় সন্মিলন-২০২২
পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদিৰে আৰম্ভ হল সন্মিলিত সংগ্ৰামী মঞ্চৰ বহাগী বিদায় সন্মিলনখনি।
পতাকা উত্তোলন কৰে সন্মিলিত সংগ্ৰামী মঞ্চৰ বহাগী বিদায় সন্মিলনখনিৰ সভাপতি প্ৰদিপ নেওগ
স্মৃতি তৰ্পণ কৰে সন্মিলন খনিৰ কাৰ্যকৰী সভাপতি গকুলানন্দ বৰুৱাই
উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰমে উপ-সভাপতি ৰন্টু বৰশইকীয়া, সহকাৰী সম্পাদক জিতেন্দ্ৰ চুতীয়া, মাকুম আঞ্চলিক সমিতিৰ সম্পাদক শিবা দাস আৰু বহু সংগঠনৰ নেতৃবৰ্গ
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News