বৃদ্ধি পাইছে চাইবাৰ অপৰাধ

0
1000

বৃদ্ধি পাইছে চাইবাৰ অপৰাধ

neindia; বৰ্তমান অসমত চাইবাৰ অপৰাধ প্ৰতি দিনাই সংঘটিত হব ধৰিছে ৷আপোনাৰ কষ্টোপাৰ্জিত ধন বেংকত  ৰাখি আপুনি যে ঘৰত শান্তিত থাকিব পাৰিব বৰ্তমান আৰু সেই দিন নোহোৱা হৈছে ৷ আজি কিছুদিন আগতে বিধায়ক উৎপল দত্তৰ SBI একাউণ্টৰ পৰা ১৬ লাখ টকা চাইবাৰ অপৰাধীয়ে হৰলুকি কৰাৰ পাছত এইবাৰ গুৱাহাটীৰ  চেন্ট্ৰেল বেংকৰ এজন গ্ৰাহকৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰাৰ কথা পোহৰলৈ আহিছ ৷ লালগণেশ স্থিত চেন্ট্ৰেল বেংক শাখাৰ পৰা চাইবাৰ অপৰাধীয়ে এজন গ্ৰাহকৰ একাউন্টৰ পৰা ১০ লাখ টকা লুটি নিয়ে ৷ ইয়াৰ উপৰিও জানিব পৰা গৈছে যে  বেংক একাউণ্ট সংলগ্ন ফোন নম্বৰটো অপৰাধীয়ে ব্লক কৰি  একাউণ্টৰ পৰা ধন উলিয়াই নিয়ে ৷ এই ঘটনা সম্পৰ্কত ভোক্তভোগী গ্ৰাহকজনে ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰিছে ৷ কেতিয়া শেষ হব এই চাইবাৰ অপৰাধ ?চাইবাৰ অপৰাধীক নিঃশেষ কৰিবলৈ চাইবাৰ দ’ম প্ৰজেক্ট ব্যৱহাৰ কৰিছে  চৰকাৰে ৷ কিন্তু এই প্ৰজেক্ট ব্যৱহাৰ কৰি চাইবাৰ অপৰাধৰ সংখ্যা নিঃশেষ কৰিব পাৰিবনে ৰাজ্য চৰকাৰে ??এইয়া অনাগত দিনত অতি লক্ষণীয় হব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here