Friday, March 17, 2023
HomeAssameseবৃদ্ধা মাতৃক বিছাৰি হাবাথুৰি খাইছে ছয়গাঁৱৰ কৰাইবিলৰ এটি পৰিয়াল

বৃদ্ধা মাতৃক বিছাৰি হাবাথুৰি খাইছে ছয়গাঁৱৰ কৰাইবিলৰ এটি পৰিয়াল

এগৰাকী বৃদ্ধা মাতৃক বিছাৰি হাবাথুৰি খাইছে ছয়গাঁৱৰ কৰাইবিলৰ এটি পৰিয়াল ৷
কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ কৰাইবিল গাঁৱৰ এইগৰাকী বৃদ্ধা মহিলা ২২ মে’ত সন্ধানহীন হোৱাত পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কৰাইবিল গাঁৱৰ আবেদ আলীৰ পত্নী পতিৰণ বেওৱা (৬৫) নামৰ মহিলা গৰাকী ২২ মেত গুৱাহাটী সাতগাঁৱত থকা নিজ কণ্যাৰ ঘৰলৈ যাবলৈ ওলায় ৷ পুত্ৰ নতুব আলীয়ে হাতীশলা বজাৰত গাড়ীত উঠাই দিয়ে মহিলা গৰাকীক ৷ পূৰ্বেও এইদৰে অকলে কণ্যাৰ ঘৰলৈ অহাযোৱা কৰে যদিও সেইদিনা কণ্যাৰ ঘৰ নাপায় বৃদ্ধা মহিলা গৰাকী ৷ জালুকবাৰীত ভুলক্ৰমে বেলেগ গাড়ীত উঠাৰ সন্ধেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ মহিলা গৰাকী কন্যাৰ ঘৰ নোপোৱাত পৰিয়াল দুটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিভিন্ন ঠাইত বিচাৰখোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই মহিলা গৰাকীৰ ৷ সেয়ে বৃদ্ধা মহিলা গৰাকীৰ কোনো সন্ধান পালে 6001068794, 9954087750, 7670043662 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ৷

মহিদুল ইছলাম ,বকো ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments