বুন্দেলখণ্ড এক্সপ্ৰেছ হাইৱেৰ শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীয়ে

8

বুন্দেলখণ্ড এক্সপ্ৰেছ হাইৱেৰ শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীয়ে

আজি অৰ্থাৎ ১৬ জুলাই শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্র মোডীয়ে উদ্বোধন কৰিলে বুন্দেলখণ্ড এক্সপ্ৰেছ ৱে। বুন্দেলখণ্ড এক্সপ্ৰেছ ৱেৰ উদ্বোধন উপলক্ষে উত্তৰ প্রদেশৰ জালাউনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডী। উক্ত উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ সৈতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু ৰাজ্যখনৰ উপ মুখ্যমন্ত্রীদ্বয়ৰ লগতে ৰাজ্যখনৰ কেবিনেটৰ কেইবাগৰাকী মন্ত্ৰী মঞ্চত উপস্থিত থাকে। ২০২০ চনত আধাৰশিলা স্থাপন কৰা এক্সপ্ৰেছ ৱেটোৰ ২৮ মাহৰ পিছত নিৰ্মাণ কাৰ্যৰ অন্তত ১৬ জুলাই ২০২২ তাৰিখে উদ্বোধন কৰা হ’য়। এই এক্সপ্ৰেছ ৱেটোৱে দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটলৈ দূৰত্ব সাত ঘন্টালৈ হ্ৰাস কৰে। সাতখন জিলাৰ মাজেৰে গন্তব্যস্থানৰ দিশে আগবাঢ়িছে এক্সপ্ৰেছ ৱেটোয়ে। ২৯৬ কিলোমিটাৰ দীঘল এই এক্সপ্ৰেছ ৱে নিৰ্মাণত বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। লগতে এই এক্সপ্ৰেছ ৱেত ২৪ ঘন্টাৰ এম্বুলেন্সৰ সুবিধা থাকিব। ইয়াৰোপৰি ২৬৬ খন সৰু সৰু দলঙো নিৰ্মাণ কৰা হৈছে আৰু ইয়াত নিৰন্তৰ আৰক্ষীৰ পহৰা অটল থাকিব।

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here