বুধবাৰৰ পৰা দেশত আনলক-২:কেন্দ্ৰই জাৰি কৰিলে নতুন গাইড লাইন

0
80
Unlock 2.0

বুধবাৰৰ পৰা দেশত আনলক-২:কেন্দ্ৰই জাৰি কৰিলে নতুন গাইড লাইন

বুধবাৰৰ পৰা দেশত বলৱৎ হ’ব আনলক-২ ৷ এই সম্পৰ্কে ভালেমান নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ ১ জুলাইৰ পৰা প্ৰযোজ্য হ’ব আনল’ক-২ৰ গাইড লাইন। কেন্দ্ৰীয় চৰকাৰৰ নতুন গাইড লাইন অনুসৰি, অহা ৩১ জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল কলেজ।
বন্ধ থাকিব ট্ৰেইন, মেট্ৰ’ সেৱা।
বন্ধ থাকিব  আন্তৰ্জাতিক বিমান সেৱা ।
বন্ধ থাকিব চিনেমা হল, জিম, চুইমিং পুল।
আনল’ক-২ৰ সময়ত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে।
কণ্টেইনমেণ্ট জ’নত অব্যাহত থাকিব কঠোৰ ল’ক ডাউন।
বন্ধ থাকিব সকলো ধৰণৰ ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক, সামাজিক, ক্ৰীড়া অনুষ্ঠান।
কাৰ্ফিউৰ সময়ত কেৱল জৰুৰী সেৱাহে অব্যাহত থাকিব।
News Desk, Ne India.

LEAVE A REPLY

Please enter your comment!
Please enter your name here