বীৰ লাচিত সেনা অসম পানীতোলা আঞ্চলিক সমিতিৰ জোৰ সমদল

9

বীৰ লাচিত সেনা অসম পানীতোলা আঞ্চলিক সমিতিৰ জোৰ সমদল

বৃহস্পতি বাৰে সন্ধিয়া বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশ মৰ্মে পানীতোলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পানীতোলা বাসী ৰাইজৰ সহযোগত ড্ৰাগছৰ লগতে অন্যান্য মাদক দ্ৰব্যৰ সেৱন আৰু অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে এক জোৰ সমদল বাহিৰ কৰে । ড্ৰাগছ ভাং কানি আদি সামগ্ৰীৰ নিচাই উঠি অহা নৱপ্ৰজন্মক কোঙা কৰি তুলিছে । বীৰ লাচিত সেনা পানীতোলা আঞ্চলিক সমিতিৰ অভিযোগ যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ খনে ড্ৰাগছ ৰ বিৰুদ্ধে যি জেহাদ ঘোষনা কৰি বহু ড্ৰাগছ মাফিয়াক আটক কৰাৰ লগতে বহু পৰিমানে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল ,কিন্তু বহু অঞ্চলত ড্ৰাগছ ৰ বেহা এতিয়াও অব্যাহত আছে বুলি বীৰ লাচিত সেনাৰ বিষয়ববীয়াই সংবাদ মাধ্যমক জানিব দিয়ে । আজিৰ এই কায্যসূচীৰ দ্বাৰাই বীৰ লাচিত সেনাৰ ড্ৰাগছ বিৰুদ্ধে জেহাদ ঘোষণা কৰি অনাগত দিনত ইয়াতকৈও জংগী আন্দোলনৰ কায্যসূচী লব বুলি হুংকাৰ প্ৰদান কৰে ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here