বীৰ লাচিত সেনা অসম, পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

9

বীৰ লাচিত সেনা অসম, পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

বীৰ লাচিত সেনা অসমৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ উদ্যোগত গুৱাহাটীৰ বিমানবন্দৰৰ VIP ত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় । মঙলবাৰে নিশা অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত শ্ৰদ্ধাৰে সোঁ‌ৱৰণ কৰা হয় প্ৰয়াত অভিনেতা কিশোৰ দাস আৰু অসমৰ ঢোল সম্ৰাট তুলসী ওজাক ।
এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে লাচিত সেনা অসমৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ বিযয়ববীয়া , সদস্য-সদস্যাৰ লগতে VIP অঞ্চলৰ ৰাইজ ।

মাটিৰ চাকি , ধুপ জ্বলাই শ্ৰদ্ধাঞ্জলী জনোৱা হয় প্ৰয়াত শিল্পী দুগৰাকীক । শিল্পী দুগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিটৰ মৌন প্ৰাৰ্থনা জনোৱা হয় অনুষ্ঠানত ।

News Bureau, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here