বীৰ লাচিত সেনাৰ বাৰেকুৰী আঞ্চলিক সমিতি গঠন

9

বীৰ লাচিত সেনাৰ বাৰেকুৰী আঞ্চলিক সমিতি গঠন

শনিবাৰে তিনিচুকীয়াৰ বীৰ লাচিত সেনা কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাৰ উপস্থিতিত বাৰেকুৰী আঞ্চলিক যুৱক সংঘ ত বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলাত সাংগঠনিক ভেটি অধিক শক্তিশালী আৰু সবল কৰিবলৈ বহুত যুৱক যুৱতীক লৈএখন শক্তিশালী বাৰেকুৰী আঞ্চলিক সমিতি গঠন কৰা হয় । অন্যহাতে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ই বাৰেকুৰী অঞ্চলটো জাতীয়তাবাদৰ পটভূমিত অতি গুৰুত্বপূৰ্ণ বুলি কয় । অনাগত দিনত বাৰেকুৰী আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা সমিতিয়ে বাৰেকুৰী বাসী ৰাইজৰ লগতে অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত সবল ভাবে মাত মাতি যাব বুলি শৃংখল চলিহা ই সংবাদ মাধ্যমৰ আগত আশা প্ৰকাশ কৰে ।


ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here