বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে চাফাই অভিযান
সমগ্ৰ ৰাজ্য জুৰি উদযাপন কৰা হৈছে বিৰ লাচিত বৰফুকন ৰ ৪০০ সংখ্যক জন্ম জয়ন্তী ।
যোৱা ১৮ নবেম্বৰ ৰ পৰা সপ্তাহ জোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী ।
উক্ত জন্ম জয়ন্তী ৰ লগত সংগতি ৰাখি ভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।

আজি পুৱাই তাৰেই এক অংশ স্বৰূপে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয় ,পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ লগতে তিনিচুকীয়া জিলাৰ ভিন্ন স্থানত এক সাফাই অভিযান কাৰ্যসূচী হাতত লোৱা হয় ।
উক্ত কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ উপায়ুক্ত কে আদি কৰি বহু গণ্য মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে ।