বিৰোধী একতাত আঘাত ! NDA প্ৰাৰ্থীক সমৰ্থন জনাব এক বিৰোধী দলে
৬ আগষ্টত অনুষ্ঠিত হব ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন । বিজেপি নেতৃত্বাধীন NDA য়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল জগদ্বীপ ধনখেড়ক । আনহাতে কংগ্ৰেছ তথা আন বিৰোধী দল সমুহে উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে মাৰ্গেৰেট আলভাক ।
নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ হোৱাৰ পুৰ্বেই বিৰোধী শিবিৰত পৰিছে এক মোক্ষম আঘাত ।
বহুজন সমাজ পাৰ্টীয়ে সমৰ্থন জনাব NDA প্ৰাৰ্থী জগদ্বীপ ধনখেড়ক । ইয়াৰ পুৰ্বে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনতো ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৰ সপক্ষে ভোট দিছিল মায়াবতীৰ বহুজন সমাজ পাৰ্টিয়ে ।
উপৰাষ্ট্ৰপতি নিৰ্বাচনত NDA ৰ প্ৰাৰ্থী জগদ্বীপ ধনখেড়ক সমৰ্থন জনোৱাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে বহুজন সমাজ পাৰ্টিৰ প্ৰমুখ মায়াবতীয়ে । মায়াবতীয়ে টুইটাৰৰ দ্বাৰা এই কথা প্ৰকাশ কৰিছে । ব্যাপক জনহিতৰ প্ৰতি লক্ষ্য কৰিয়ে বহুজন সমাজ পাৰ্টিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি টুইটৰ যোগেৰে প্ৰকাশ কৰিছে মায়াবতীয়ে ।
National Desk, Ne India News