বিৰোধীৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কোন হব ?
দেশৰ নতুন উপ ৰাষ্ট্ৰপতি কোন হব ইয়াক লৈ জল্পনা কল্পনা অব্যাহত আছে ।উপৰাষ্ট্ৰপতি পদৰ হিচাপে কাক প্ৰক্ষেপ কৰিব , ইয়াকে লৈ শাসকীয় NDA আৰু বিৰোধী দল সমুহত ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে ।
NDA য়ে এতিয়ালৈ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই যদিও বিৰোধী দল সমুহে শিঘ্ৰেই ঘোষণা কৰিব উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম । কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খড়গেৰ নেতৃত্বত ১৭ টা বিৰোধী ৰাজনৈতিক দলে ১৭ জুলাইত বৈঠকত মিলিত হব । এই বৈঠকতে বিৰোধী দল সমুহৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নাম চুড়ান্ত কৰা হব । সুত্ৰৰ খবৰ অনুসৰি , এইবাৰ বিৰোধী দলৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকী অনা কংগ্ৰেছী হব ।
বৰ্তমানৰ উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ কাৰ্যকাল অন্ত পৰিব ১০ আগষ্টত । নিৰ্বাচন আয়োগে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হিচাপে ধাৰ্য কৰিছে ১৯ জুলাই তাৰিখ । ২২ জুলাইত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব । ৬ আগষ্টত অনুষ্ঠিত হব উপ ৰাষ্ট্ৰপতি পদৰ ভোটগ্ৰহণ । ৬ আগষ্টতে ঘোষিত হব ফলাফল ।
National Desk , Ne India News