বিহাৰ নিৰ্বাচন : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ন হ’ব ১০৬৬ গৰাকী প্ৰাৰ্থী

0
129

বিহাৰ নিৰ্বাচন : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ন হ’ব ১০৬৬ গৰাকী প্ৰাৰ্থী

বিহাৰত বুধবাৰে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ।প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া ৭১ টা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ হৈছে ।এই নিৰ্বাচনী প্ৰচাৰত বহুতো প্ৰভাৱশালী নেতা মন্ত্ৰীয়ে অংশ লয় ।

বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১০৬৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ন হ’ব । ১০৬৬ গৰাকী প্ৰাৰ্থী সকলৰ ভিতৰত ১১৪ গৰাকী হ’ল মহিলা প্ৰাৰ্থী । প্ৰাৰ্থী সকলৰ ভিতৰত প্ৰথম পৰ্যায়ত বিহাৰ ৬ গৰাকী মন্ত্ৰীয়েও প্ৰতিনিধিত্ব আগবঢ়াৱ ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আৰজেদিয়ে ৪১ টা সমষ্টিত, জেদিইউ ৪১ টা সমষ্টিত বিজেপি ২৯ সমষ্টিত,কংগ্ৰেছ ২১ টা সমষ্টিত আৰু লোক জনশক্তি দলে ৪১ টা সমষ্টিত অৱতীৰ্ণ হ’ব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ ২,১৪,৬,৯৬০ গৰাকী ভোটাৰে ১০৬৬ জন প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন নৱেম্বৰৰ ৩ তাৰিখ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন নৱেম্বৰৰ ৭ তাৰিখে অনুষ্ঠিত হব ।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here