বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপাল ফাগু চৌহানক পদত্যাগ পত্ৰ দাখিল কৰিছে । মঙলবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে । লগতে নতুন চৰকাৰ গঠনৰ দাবীও উত্থাপন কৰে ৰাজ্যপালৰ ওচৰত । ১৬০ বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰে ।
বিজেপি নেতৃত্বাধীন NDA ৰ পৰা ওলাই অহাৰ কথাও প্ৰকাশ কৰে নীতিশ কুমাৰে । নীতিশ কুমাৰৰ নতুন চৰকাৰক সমৰ্থন জনাব RJD , কংগ্ৰেছ আৰু বাওঁপন্থী দলসমুহে ।
National Desk , Ne India News