Thursday, March 30, 2023
HomeAssameseবিহাৰত সাংবাদিক হত্যা, PEC ৰ নিন্দা

বিহাৰত সাংবাদিক হত্যা, PEC ৰ নিন্দা

বিহাৰত শুকুৰবাৰে নিশা চাৰিজন বন্দুক ধাৰীয়ে ডেকা সাংবাদিক সুভাষ কুমাৰ মাহাতোক গুলিয়াই হত্যা কৰা ঘটনাক নিন্দা কৰিছে আন্তৰ্জাতিক সংবাদকৰ্মী সুৰক্ষা সংস্থা প্ৰেছ এম্বলেম কেম্পেইনে (www.pressemblem.ch)। পিইচিৰ সভাপতি ব্লেইজ লেম্পেনে সুভাষৰ হত্যাকাৰীক কঠোৰ শাস্তি দিবলৈ নীতিশ কুমাৰ চৰকাৰক দাবী জনাইছে। বহু কেইখন হিন্দী কাকতত কাম কৰা সুভাষে শেহতীয়াকৈ এটা কেবল-চেনেলৰ লগত জড়িত হৈ আছিল। পিইচিৰ দক্ষিন পূব এচিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰীয়াই জনোৱা মতে ভাৰতত এই বছৰ এতিয়ালৈ চাৰিগৰাকী সাংবাদিক হত্যাৰ বলি হৈছে। সুভাষৰ আগত ৰহিত বিশ্বাল, সুধিৰ চাইনি আৰু জুনেদ খান আততায়ীৰ হাতত নিহত হৈছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments