বিহপুৰীয়া সমষ্টিক কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্য বিধায়ক অমীয় কুমাৰ ভূঞাৰ

0
246

বিহপুৰীয়া সমষ্টিক কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্য বিধায়ক অমীয় কুমাৰ ভূঞাৰ

বিধায়ক অমিয় ভূঞাৰ নেতৃত্বত ইখনৰ পিছত সিখন যোগদান সভা৷
সীমা সমস্যাৰ ক্ষেত্ৰতো মতামত ভূঞাৰ৷

বিধায়ক অমিয় ভূঞাৰ নেতৃত্বত ইখনৰ পিছত সিখন যোগদান সভা অনুষ্ঠিত হৈছে বিহপুৰীয়া সমষ্টিত৷ ক্ৰমাগতভাৱে আজি তৃতীয় দিনাও নাৰায়ণপুৰৰ শিমলুগুৰিত অনুষ্ঠিত হৈছে ভাৰতীয় জনতা পাৰ্টিত যোগদান সভা৷
কংগ্ৰেছৰ আমোলত থকা নাৰায়ণপুৰৰ ৰঙতি পঞ্চায়তৰ সভাপতিৰ সহিতে পঞ্চায়তটোৰ বিষয়ববীয়াসকলে আজি বিজেপিত যোগ দিয়ে৷

যোগদান সভাতে আন্তঃৰাজ্যিক সীমা সমস্যাৰ সম্পৰ্কত মত দিয়ে বিধায়ক অমিয় ভূঞাই৷
দীৰ্ঘদিনীয়া এই সমস্যাৰটোৰ ক্ষেত্ৰত প্ৰতিটো স্তম্ভই সময়নিৰ্ধাৰিতভাৱে কাম কৰিব লাগিব বুলি মন্তব্য বিধায়ক ভূঞাৰ৷ ন্যায়ালয়েও গোচৰসমূহ কম সময়ৰ ভিতৰত বিচাৰ কৰিব লাগিব বুলি মন্তব্য বিধায়কগৰাকীৰ৷ এজনো আৰক্ষীৰ মৃত্যু নিবিচাৰো বুলি মন্তব্য দি বিধায়ক ভূঞাই কয় যে অসম-অৰুণাচলৰ ক্ষেত্ৰত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে সকলো সষ্টম হৈ থাকিব লাগিব৷

দিপান্ত কাকতি,নাৰায়ণপুৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here