বিশ্ব ৰোগী সুৰক্ষা দিৱস উপলক্ষে পোষ্টাৰ প্ৰতিযোগিতা
শুকুৰবাৰে তিনিচুকীয়াত বিশ্ব ৰোগী সুৰক্ষা দিৱস উপলক্ষে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আয়োজন কৰা হৈছে পোষ্টাৰ প্ৰতিযোগিতা।
১৭ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ৰাজ্যজুৰি আয়োজন কৰা হব বিশ্ব ৰোগী সুৰক্ষা দিৱস আৰু সেই উপলক্ষে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ১২ তাৰিখৰ পৰা আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠান ।

১৬ ছেপ্টেম্বৰ তাৰিখ অৰ্থাৎ আজি বিশ্ব ৰোগী সুৰক্ষা দিৱসৰ এক কাৰ্যসূচী হিচাপে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত পোষ্টাৰ প্ৰতিযোগিতা আয়োজন কৰা হয়,যত চিকিৎসক, নাৰ্চ, কৰ্মচাৰী, ছাত্ৰ- ছাত্ৰী আদি সকলোৱে যোগদান কৰিছে আৰু ৰাইজক উক্ত পোষ্টাৰ সমূহৰ জৰিয়তে ঔষধ সমূহ কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত সজাগতা সৃষ্টি কৰাত এক গুৰুত্ব পূৰ্ণ ভূমিকা পালন পালন কৰিব বুলি উদ্যোগতা সমিতিয়ে আশা প্ৰকাশ কৰিছে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News