বিশ্ব হিন্দু পৰিষদৰ নেত্রী ড° প্ৰাচী সাধবীয়ে লাভ কৰিছে ভাবুকি পত্ৰ

8

বিশ্ব হিন্দু পৰিষদৰ নেত্রী ড° প্ৰাচী সাধবীয়ে লাভ কৰিছে ভাবুকি পত্ৰ

বিশ্ব হিন্দু পৰিষদৰ অগ্নিবৰ্ষী নেত্ৰী ড° প্ৰাচী সাধবীয়ে লাভ কৰিছে এখন ভাবুকিপূৰ্ণ পত্ৰ। পত্ৰখনে ড° প্ৰাচী সাধবীক হত্যাৰ ভাবুকি দিছে। ভাবুকিপূৰ্ণ পত্ৰখন লিখা হৈছে উৰ্দুত। ড° প্ৰাচীয়ে হৰিপুৰ কলান স্থিত বৈদিক নিকেতন আশ্ৰমত এই ভাবুকিৰ পত্ৰখন লাভ কৰে। পত্ৰখন পোৱাৰ পিছত ড° প্ৰাচীয়ে সুৰক্ষাৰ বাবে আৰক্ষীৰ কাষ চাপে।
বৃহস্পতিবাৰে অনুষ্ঠিত হৰিদ্বাৰ প্ৰেছ ক্লাবৰ সংবাদমেলত ড° প্ৰাচীয়ে কয় যে ৰাতিপুৱাৰ সময়ত হৰিপুৰ কলানস্থিত বৈদিক নিকেতন আশ্ৰমত ভাবুকি পত্ৰখন পাইছিল। পত্ৰখনত ড° প্ৰাচীক হত্যা কৰাৰ ভাবুকিৰ বিষয়ে লিখা হৈছে। ড° প্ৰাচীয়ে কয় যে পত্ৰখনৰ বিষয়ে উৰ্দু বিশেষজ্ঞৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে য’ত মুখ্যমন্ত্ৰী যোগীকো পত্ৰখনত উল্লেখ কৰা হৈছে। ড° প্ৰাচীয়ে এইটোও কৈছে যে আগতে এনেধৰণৰ ভাবুকিৰ সন্মুখীন হৈছে। ড° প্ৰাচীয়ে আৰক্ষীৰ ওচৰত অভিযোগ কৰাৰ লগতে প্ৰশাসনক পত্ৰখনৰ তদন্ত কৰিবলৈ আৰু এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে। একে সময়তে, ড° প্ৰাচীয়ে চৰকাৰক নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনাইছে। ড° প্ৰাচীয়ে কৈছিল যে এই ঘটনাটোৰ বিষয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here