Monday, November 28, 2022
HomeAssameseবিশ্ব ফাৰ্মাচীষ্ট দিৱস উদযাপন

বিশ্ব ফাৰ্মাচীষ্ট দিৱস উদযাপন

বিশ্ব ফাৰ্মাচীষ্ট দিৱস উদযাপন

বিশ্ব ফাৰ্মাচীষ্ট দিৱসৰ সৈতে সংগতি ৰাখি কালি ২৫ ছেপ্টেম্বৰ তাৰিখত ৰঙাপৰা মহাবিদ্যালয়ত ‘বিশ্ব ফাৰ্মাচীষ্ট দিৱস’ উদযাপন কৰা হয়।

বৃটিছৰ শাসন কালৰে পৰা ৰঙাপৰা নগৰ গঢ়ি উঠিছে চাহ উদ্যোগক কেন্দ্ৰ কৰি। ঐতিহ্য মণ্ডিত তেজপুৰ চহৰক সামৰি ৰঙাপৰা নগৰৰ চৌপাশে প্ৰায় পোন্ধৰখন বিস্তীৰ্ণ চাহ বাগিচাই অঞ্চলটোক এটা ভৌগোলিক মাত্ৰা প্ৰদান কৰিছে।

বিশ্ব ফাৰ্মাচীষ্ট দিৱস উদযাপন

এই অঞ্চলে লাখ লাখ মানুহক জীয়াই থকাৰ যুঁজত বিভিন্ন প্ৰকাৰে সাহস আৰু সহযোগীতা আগবঢ়াই আহিছে।

ৰেলৰ জংছনটোৱে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনপ্ৰব্ৰজনৰ যোগেৰেও ৰঙাপৰাক এখন ক্ষূদ্ৰ ভাৰতৰ সংস্কৰণত পৰিণত কৰিছে।

ৰঙাপৰাৰ আশে পাশে থকা চাহ বাগিচাসমূহত স্বাস্থ্য সেৱা আগবঢ়াই থকা ফাৰ্মাচীষ্টসকলে বছৰটোৰ ৩৬৫ দিনৰ কৰ্ম সূচীৰ পৰা এটা দিন ৰাহি কৰি ২৫ ছেপ্টেম্বৰৰ দিনটো তেওঁলোকৰ নিজৰ নামত ২০১৩ চনৰ পৰা ‘বিশ্ব ফাৰ্মাচীষ্ট দিৱস’ হিচাপে উদযাপন কৰি আহিছে।

বিশ্ব ফাৰ্মাচীষ্ট দিৱস উদযাপন

চাহ বাগিচাত কৰ্মৰত ৰঙাপৰা, বিশ্বনাথ চাৰিআলি আৰু নগৰখনত ব্যৱসায়ৰ লগত জড়িত বিশিষ্ট ফাৰ্মাচীষ্টসকলে য়োৱা কালিৰ দিনটো নিজৰ পৰিয়াল সহ এক আটক ধুনীয়া অনুষ্ঠানেৰে দিৱসটি উদযাপন কৰে।

অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে মিজিকা জান চাহ বাগিচাৰ ফাৰ্মাচীষ্ট শ্ৰীযুত হৰিদাস ৰয়ে আৰু পতাকা উত্তোলন কৰে একে বাগিচাৰে অৱসৰ প্ৰাপ্ত ফাৰ্মাচীষ্ট শ্ৰীযুত ত্ৰিদিপ হাজৰিকাই।

Read more-World Pharmacist Day:চিকিৎসা খণ্ডৰ স্মৰণীয়

অৰ্দ্ধ শতাধিক মানুহৰ উপস্থিতিৰে ইজনৰ কথা সিজনৰ মাজলৈ প্ৰেৰণ কৰাত অনুষ্ঠানটি সফল হৈছে বুলি সকলোৱে সন্তুষ্টি লাভ কৰে।

বিশেষকৈ ফাৰ্মাচীষ্ট এজনৰ সামাজিক ভূমিকাই যাতে সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্যৰ উত্তৰণত সহায় কৰে তাৰ বাবে সকলোৱে সংকল্প গ্ৰহণ কৰে।`

বিশ্ব ফাৰ্মাচীষ্ট দিৱস উদযাপন

অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাত সুবিধাৰ প্ৰদানৰ বাবে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতালৈ উদযাপন সমিতিয়ে আন্তৰিক ধন্যবাদ যাঁচে।

উক্ত অনুষ্ঠানত Cadila Pharmaceuticals – ৰ এৰিয়া বিজনেছ মেনেজাৰ দিপান্ত শইকীয়া আৰু সহযোগী ত্ৰিদিপ নাথ উপস্থিত থাকি কোম্পানীটোৱে নতুনকৈ উৎপাদন কৰা ৰেবিজ ভেকচিনৰ বিষয়ে অৱগত কৰায়।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments