নগাঁও জিলাৰ নৱপ্ৰজন্মৰ লেখিকা কৰবী দেৱীৰ নৱতম উপন্যাস “সেউজী পাতৰ ৰাধাৰ শুভ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ অধ্যাপক ডঃ জগদীশ পাটগিৰিয়ে ,সভাত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা,শিশু সাহিত্যিক যুগললোচন দাস, চলচিত্র পৰিচালক হেমন্ত কুমাৰ দাসৰ লগতে উপস্থিত থাকে বহু কেইগৰাকি বিশিষ্ট ব্যক্তি।
উল্লেখ যে ‘”সেউজী পাতৰ ৰাধা” উপন্যাস খন বাগিচাৰ পটভূমিত সৃষ্টি এটা ব্যতিক্ৰমী কাহিনী।কাহিনীটো নিশ্চয় খুবেই আকৰ্ষণীয় হ’ব। ডাইনী হত্যা, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ প্ৰভাবে এখন সমাজত কিমান প্ৰদূষণ বিয়পাব পাৰে, তাৰেই জ্বলন্ত ছবি এখন প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে কৰৱী দেৱী।।
মহিদুল ইছলাম ,Ne India News