বিশ্বৰ বৰ্ষীয়ান মহিলা গৰাকীৰ ঘটিল দেহাৱসান

0
958

বিশ্বৰ বৰ্ষীয়ান মহিলা গৰাকীৰ ঘটিল দেহাৱসান

International desk NE India ; বিশ্বৰ বৰ্ষীয়ান মহিলা ৰূপে খ্যাত জাপানৰ  CHIYO MIYAKOৰ  পৰলোকপ্ৰাপ্তি ঘটল । ১১৭ বছৰীয়া মহিলাগৰাকীৰ জন্ম হৈছিল ১৯০১ চনৰ ২ মে’ৰ দিনা দক্ষিণ টকিঅ’ অঞ্চলত।  মিওকা য়ে বৰ্ষীয়ান মহিলা হোৱাৰ কৃতীত্ব অৰ্জন কৰে যোৱা এপ্ৰিল মাহত, যেতিয়া ইয়াৰ পূৰ্বৰ বিশ্বৰ বৰ্ষীয়ান মহিলা দক্ষিণ জাপানৰ কিকাই আইলেণ্ডৰ ১১৭ বছৰীয়া নাবি টাজিমাৰ মৃত্যু ঘটে। চিয়ো মিওকাৰ পৰিয়ালৰ মতে মিওকা আছিলে এগৰাকী শান্ত, দয়ালু স্বভাৱৰ মহিলা আৰু তেওঁক পৰিয়ালৰ লোকসকলে ” দেৱী ” বুলি অভিহীত কৰিছিল। চিয়ো মিওকাৰ মৃত্যুৰ পাছত বিশ্বৰ বৰ্ষীয়ান মহিলাৰ সন্মান লাভ কৰিছে ১১৫ বছৰীয়া জাপানৰ কেন টাংকায়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here