বিশ্ববেংকৰ অধ্যক্ষৰ অব্যাহতি

0
843
INTERNATIONAL DESK NE INDIA : বিশ্ব বেংকৰ অধ্যক্ষ জিম য়ংগ কিমে নিজৰ পদৰ পৰা অব্যাহতিৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিশ্ব বেংকৰ অধ্যক্ষ গৰাকীৰ এনে সিদ্ধান্তই বিশ্ববাসীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে । উল্লেখ্য যে অধ্যক্ষ কিমৰ অব্যাহতিৰ পাছত কোনে সেই আসনত অধিষ্ঠিত হ’ব সেই বিষয়ত বিশ্ববাসীৰ মাজত চৰ্চিত হৈ পৰিছে । উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই পদৰ বাবে উত্তৰাধিকাৰীৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ।
ট্ৰাম্পৰ প্ৰভাৱে বিশ্ব বেংকৰ শীৰ্ষ পদত নিযুক্তিৰ বাবে আমেৰিকাৰ একতাক লৈ বিবাদ পুনৰবাৰ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে । উল্লেখযোগ্য যে সোমবাৰে অধ্যক্ষ গৰাকীয়ে টুইটযোগে প্ৰকাশ কৰি কয় এই বৃহৎ সংস্থাৰ নেতৃত্ব লোৱা আৰু অৱসৰ গ্ৰহণ কৰা এক সোভাগ্যৰ কথা । খৱৰ অনুসৰি অধ্যক্ষ কিমে আগন্তুক ১ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব । অন্যহাতে বিশ্ববেংকৰ নতুন অধ্যক্ষ নিযুক্ত নোহোৱালৈকে বিশ্ববেংকৰ CEO ক্ৰিষ্টালিনা জিয়ৰজিৱায়ে এই পদৰ দায়িত্বত থাকিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here