বিশ্বকৰ্মা পূজাৰ  মুৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী

0
924
NE INDIA: বৃহস্পতিবাৰে গনেশ পূজা ,বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকি।প্ৰতিমাত ৰং তুলিকাৰে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পী সকল।চামগুৰিতো মৃন্ময় শিল্পী সকলৰ মাজত দেখা গৈছে অধিক ব্যস্ততা।চামগুৰিৰ গটঙাস্থিত তিনিখনকৈ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰা প্ৰতিষ্ঠানে এই বাৰো ৰাইজৰ বাবে আটক ধুনীয়াকৈ সাজি তুলিছে বিশ্ব খনিকৰৰ মুৰ্তি।এইঠাইৰ পৰাই উজনিৰ পৰা নামনিলৈ বিভিন্ন পূজা ষ্ঠলিলৈ মুৰ্তি সমূহ নিয়া হয়।এই সকল খনিকৰে বিশ্বকৰ্মা মুৰ্তিৰ বাহিৰে কালী,দূৰ্গা,কৃষ্ণ,শিৱ সকলো দেৱ-দেৱতাৰ মুৰ্তি নিৰ্মান কৰে।পূজাৰ ৬/৭ মাহৰ আগৰে পৰা এওঁলোকে এই মুৰ্তি নিৰ্মান কৰে আৰু পূজাৰ ২দিনৰ আগত সকলো মুৰ্তি সম্পূৰ্ন কৰি তোলে।বছৰ বছৰ ধৰি এওঁলোকে এই একে ঠাইতে মুৰ্তিসমূহ  নিৰ্মাণ  কৰি আহিছে।এইবাৰ প্ৰায় পাচ শতাধিক মুৰ্তি নিমাৰ্ণ কৰি উলিয়াইছে চামগুৰিৰ এই তিনিখন ব্যবসায়ীক প্ৰতিষ্ঠানে।কেৱল চামগুৰিয়েই নহয় অসমৰ বহু ঠাইৰ পৰা অহা গ্ৰাহকে পুজাৰ সময়ত ভিৰ কৰা পৰিলক্ষিত হয় এই কেইখন মৃন্ময় মুৰ্তি নিৰ্মাণ প্ৰতিষ্ঠানত।

জিতুমনি শইকীয়া চামগুৰি Neindia news

LEAVE A REPLY

Please enter your comment!
Please enter your name here