Friday, March 31, 2023
HomeAssameseবিশেষ জৰুৰী নম্বৰ মুকলি চৰকাৰৰ

বিশেষ জৰুৰী নম্বৰ মুকলি চৰকাৰৰ

বিশেষ জৰুৰী নম্বৰ মুকলি চৰকাৰৰ

এতিয়াৰে পৰা ৰাজ্যৰ জনসাধাৰণে পোনপটীয়াকৈ দাখিল কৰিব পাৰিব নিজৰ অভিযোগ। অভিযোগ দাখিল কৰাৰ লগতে কোনো আঁচনিৰ বিষয়ে সবিশেষ জনাৰ লগতে পোনপটীয়াকৈ পৰামৰ্শও আগবঢ়াব পাৰিব প্ৰশাসনীয় চৰকাৰক। ইয়াৰ বাবে চৰকাৰে মুকলি কৰিছে দুটা বিশেষ জৰুৰী নম্বৰ। এই দুটা নম্বৰত ফোন কৰি PMAY গৃহ নির্মাণ আৰু বিনামূলীয়া চাউলৰ হিতাধিকাৰীয়ে কৰিব পাৰিব পোনপটীয়াকৈ অভিযোগ। চৰকাৰী গৃহ নির্মাণৰ ক্ষেত্রত অসুবিধা, গৃহ নির্মাণৰ ক্ষেত্রত উৎকোচ, অযোগ্য ব্যক্তিৰ নাম তালিকাত অন্তর্ভুক্ত, আৰ্থিকভাৱে স্বচ্ছল লোকে গৃহ নির্মাণ কৰা আদি বিষয়ৰ অভিযোগৰ বাবে চৰকাৰে 1800-123-235600 নম্বৰটো মুকলি কৰিছে। আনহাতে বিনামূলীয়া চাউলৰ হিতাধিকাৰীৰ বাবে চৰকাৰে 1800-345-3611 নম্বৰটো মুকলি কৰিছে। যাৰ জৰিয়তে বিনামূলীয়া চাউলৰ হিতাধিকাৰীয়ে পৰিমাণতকৈ কম চাউল পোৱা, চাউল বিতৰণত হেমাহি আদিৰ বিষয়ে চৰকাৰৰ ওচৰত পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰিব পাৰিব। আৰু এই অভিযোগসমূহৰ ভিত্তিত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব প্ৰশাসনে।

News Desk, NE India News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments