বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামী আৰু নাই

9

বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামী আৰু নাই

বিশিষ্ট সাহিত্যিক, নামঘৰীয়াৰ স্ৰষ্টা অতুলানন্দ গোস্বামী আৰু নাই। GMCH-ত বুধবাৰে পুৱা ৪.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীয়ে। ১৯৩৫ চনত জন্ম লাভ কৰা অতুলানন্দ গোস্বামীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ। একেধাৰে ঔপন্যাসিক, গল্পকাৰ, অনুবাদক হিচাপে খ্যাতি লাভ কৰা এইজনা বিশিষ্ট সাহিত্যিকৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ। তেওঁৰ মৃত্যু অসমীয়া সাহিত্য ক্ষেত্রৰ বাবে এক অপূৰণীয় ক্ষতি। অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তৈ যোৱা এই গৰাকী বিশিষ্ট সাহিত্যিকৰ ৰচিত ‘নামঘৰীয়া’ গ্ৰন্থ অসমীয়া সাহিত্য জগতৰ বাবে আছিল এক উল্লেখনীয় অৱদান। ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰ লাভ কৰা ‘নামঘৰীয়া’ এটা সময়ত দূৰদৰ্শনত ধাৰাবাহিক হিচাপে সম্প্ৰচাৰিত হৈছিল। ‘চেনেহ জৰীৰ গাঁথি’-ৰ বাবে ২০০৩ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ২০১৩ চনত অসম উপত্যকা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ সম্ভাৰ হ’ল ‘হামদৈ পুলৰ জোন’ আৰু তেওঁৰ উল্লেখনীয় গল্প হ’ল ৰাজপাট, আশ্ৰয়, পলাতক আদি। বিগত কেইবাদিনো ধৰি GMCH-ত চিকিৎসাধীন হৈ থকা বৰেণ্য সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

News Desk, Ne India News 

LEAVE A REPLY

Please enter your comment!
Please enter your name here