বিশিষ্ট সমাজসেৱী ,সাংবাদিক সকলক সম্বৰ্ধনা মহৰম এছোচিয়েচনৰ

9

বিশিষ্ট সমাজসেৱী ,সাংবাদিক সকলক সম্বৰ্ধনা মহৰম এছোচিয়েচনৰ

মঙ্গলবাৰে পবিত্ৰ মহৰম উপলক্ষে তিনিচুকীয়া চহৰৰ মাণিক হাজৰিকা পথ স্থিত ,লাল বাঙলা মহৰম সংস্থাৰ কাৰ্য্যালয়ত এক অভিনন্দন অনুষ্ঠান আয়োজন কৰে ।
লাল বঙলা মহৰম সংস্থাৰ অধ্যক্ষ মহম্মদ সৌৰভ আলি , সাধাৰণ সম্পাদক এজাজ খান সহিতে অন্য সদস্যসকলৰ উপস্থিতিত এই সম্বৰ্ধনা অনুষ্ঠানত তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱা , ৯নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ পুলক চেতিয়া , তাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় নেতৃত্ব মিলন বুঢ়াগোহাঁই ,জ্যেষ্ঠ সাংবাদিক মহম্মদ হুছেইন খান, কৃষ্ণা উপাধ্যায় , লগতে বিভিন্ন সংবাদ মাধ্যমৰ সংবাদসেৱী সকলৰ লগতে বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে । উক্ত মহৰম সমাৰোহত সকলো আমন্ত্ৰিত অতিথিসকল ক অসমীয়া ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ ৰে সন্মানিত কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here