Sunday, May 28, 2023
HomeAssameseবিশিষ্ট শিশু সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৬খন গ্ৰন্থ উন্মোচন

বিশিষ্ট শিশু সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৬খন গ্ৰন্থ উন্মোচন

মাকুমৰ গোপালকৃষ্ণ বালিকা বিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হোৱা এক গুৰু গম্ভীৰ অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক,অৱসৰপ্ৰাপ্ত শিক্ষক,সাহিত্য অকাডেমীৰ পৰা শিশু সাহিত্যৰ বাবে বঁটা প্ৰাপক হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৬খন গ্ৰন্থ উন্মোচন কৰা হয় । উন্মোচন কৰা গ্ৰন্থকেইখন হল স্বনিৰ্বাচিত গীতৰ গ্ৰন্থ “মোৰ গানৰ চৰাই”,আইতাৰ মুখৰ পদ্য আৰু গীত,দোকমোকালিৰ বেলি,গীতিমালিকা,পাঁচখন শিশু নাট আৰু চিৰিয়াখানা । গ্ৰন্থ কেইখন উন্মোচন কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত উপাচাৰ্য ড°মদন শৰ্মাই । মাকুমৰ গিণি প্ৰকাশন আৰু শিৱসাগৰৰ নাট্যপীঠৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উন্মোচক,বিশিষ্ট শিক্ষাবিদ,লিখক ড° মদন শৰ্মাই এই পুথিকেইখনৰ সুকীয়া মূল্য আছে বুলি উল্লেখ কৰি লিখক বৰঠাকুৰক পৰিশীলিত জীৱনবোধৰ কবি,গীতিকাৰ বুলি মন্তব্য কৰে । অনুষ্ঠানত বিশিষ্ট সাহিত্যিক,মাকুমস্থিত ২য় অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক ড°নন্দ সিং বৰকলাই শিশু সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰে ফুল ফুলাৰ পৃথিৱীৰ বাটেৰে আমাক স্বাগতম জনাইছে বুলি উল্লেখ কৰে । তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড°জ্যোতি প্ৰসাদ চলিহাই বন্তি প্ৰজলন কৰি আৰম্ভ কৰা এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লিখক পুণ্য শইকীয়া আৰু শাৰীৰিকভাবে অসুস্থ শিশু সাহিত্যিক,গ্ৰন্থকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰেও বক্তব্য দাঙি ধৰে । অনুষ্ঠানত মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত সচিব ধন দেৱমহন্ত,অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণানন্দ বৰুৱা প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানটোৰ আঁত ধৰে অৱসৰপ্ৰাপ্ত প্ৰৱক্তা ৰাণা চাংমাই আৰু শিক্ষক মণজিৎ ঠাকুৰে ।

ৰন্টু বৰশইকীয়া , মাকুম ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments