বিশিষ্ট কবি,সাহিত্যিক আৰু প্ৰশাসনিক বিষয়া ড° নন্দ সিং বৰকলাক বিদায় সম্বৰ্ধনা
মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক শব্দ ৰত্ন বঁটাৰে বিভূষিত সু সাহিত্যিক কবি নন্দ সিং বৰকলাক পদোন্নতি লাভ কৰাত ৰবিবাৰে বিভিন্ন অনুষ্ঠান , সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে । দ্বিতীয় অসম আৰক্ষী বেটেলিয়ানৰ পৰা অগ্নি আৰু জৰুৰীকালিন সেৱাৰ উপ সঞ্চালক পদত অধিষ্ঠিত হোৱাত বিশিষ্ট লিখক , প্ৰশাসনিক বিযয়াগৰাকীক সম্বৰ্ধনা জনোৱা হয় । মাকুমৰ জিলা সাহিত্য সভা ভৱনত বেচৰকাৰী সংস্থা সূৰ্যোদয়ৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত মাকুম মহিলা আৰু শিশু উন্নয়ন কেন্দ্ৰ,সদৌ অসম ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতি,মাকুম মহাবিদ্যালয়,জাৰ্ণালিষ্ট ইউনিয়ন অৱ অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰশাসনিক বিযয়া ডঃ নন্দ সিঙ বৰকলাক ।
ৰণ্টু বৰশইকীয়া , তিনিচুকিয়া , Ne India News