বিশিষ্ট ঔপন্যাসিক প্ৰয়াত অতুলানন্দ গোস্বামীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

10

বিশিষ্ট ঔপন্যাসিক প্ৰয়াত অতুলানন্দ গোস্বামীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত হ’য় কিছুদিন পূর্বে পৰলোক গমন কৰা অসমীয়া সাহিত্য জগতৰ বলিষ্ঠ গল্পকাৰ, ঔপন্যাসিক তথা বিশিষ্ট অনুবাদক অতুলানন্দ গোস্বামীৰ গুৱাহাটীৰ হাতীগাঁও চাৰিআলিস্থিত বাসগৃহত। বিশিষ্ট সাহিত্যিক গৰাকীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অতুলানন্দ গোস্বামীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে মুখ্যমন্ত্রী গৰাকীয়ে।
বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ বিয়োগত মৰ্মাহত হৈ পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ‘নামঘৰীয়া’, ‘চেনেহ জৰীৰ গাঁঠি’কে ধৰি বহুকেইখন অমূল্য গ্ৰন্থৰে ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা এইগৰাকী বৰেণ্য ব্যক্তিৰ বিয়োগ অসমীয়া সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। প্ৰতিগৰাকী সাহিত্য অনুৰাগীয়ে তেখেতক চিৰদিন মনত ৰাখিব৷

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here