বিল গেটছক পিচপেলাই বিশ্বৰ চতুৰ্থ ধনী ব্যক্তিৰ তালিকাত গৌতম আদানী

9

বিল গেটছক পিচপেলাই বিশ্বৰ চতুৰ্থ ধনী ব্যক্তিৰ তালিকাত গৌতম আদানী

ফোৰ্বছৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত চতুৰ্থ স্থান দখল কৰিলে ব্যৱসায়ী গৌতম আদানীয়ে । চতুৰ্থ স্থানলৈ উন্নীত হোৱা গৌতম আদানীয়ে পিচপেলালে মাইক্ৰোচপ্টৰ প্ৰতিষ্ঠাপক বিল গেটছক ।
ফোৰ্বছৰ ৰিয়েল টাইম ৰেংকিং ত বিল গেটছৰ সম্পত্তিৰ নেটৱৰ্থ ( মুঠ মুল্য) ১০২ বিলিয়ন ডলাৰ । আনহাতে ভাৰতীয় ব্যৱসায়ী গৌতম আদানীৰ সম্পত্তিৰ মুঠ মুল্য ১১৪ বিলিয়ন ডলাৰ ।
ব্যৱসায়ী গৌতম আদানী ফোৰ্বছৰ তালিকাত চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে ভাৰতীয় ব্যৱসায়ী মুকেশ আম্বানীয়ে ১০ম স্থানতে সন্তুষ্ট থাকিব লগা হয় । ফোৰ্বছৰ মতে মুকেশ আম্বানীৰ সম্পত্তিৰ মুঠ মুল্য ৯০ বিলিয়ন আমেৰিকান ডলাৰ ।
আনহাতে চচিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰি বিতৰ্কৰ মাজত সোমাই পৰা , টেছলাৰ প্ৰতিষ্টাপক এলন মাস্ক বিশ্বৰ সৰ্বোচ্চ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থান দখল কৰিছে । ফোৰ্বছৰ মতে এলন মাস্কৰ সম্পত্তিৰ মুঠ মুল্য ২৩৫ দশমিক ৮ বিলিয়ন আমেৰিকান ডলাৰ ।

International Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here