বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰবিবাৰে বামুণীগাঁত থকা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰদান কৰিলে এখন এম্বুলেন্স ।
বিধায়কৰ সমষ্টি উন্নয়ন পুজিৰ ধনেৰে প্ৰদান কৰে এই এম্বুলেন্স খন।এই এম্বুলেন্স খনে আদৰ্শ চিকিৎসালয় খনৰ বহুদিনীয়া অভাৱ পূৰণ কৰিলে। উল্লেখযোগ্য যে বিধায়ক গৰাকীয় কভিড মহামাৰীৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি গৰৈমাৰী আৰু ছয়গাঁৱৰ গোৱৰ্ধন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ইতিমধ্যে এখনকৈ এম্বুলেন্স প্ৰদান কৰিছে। আনহাতে চিকিৎসালয় খনৰ চিকিৎসক তথা কৰ্মচাৰী সকলে ব্যৱহাৰ কৰিব পৰাকৈ অন্য এখন বাহন অতি সোনকালে প্ৰদান কৰিব বুলিও বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰবিবাৰে ঘোষণা কৰে।তদুপৰি প্ৰায় ৮০ কৌটি টকা ব্যয়েৰে ছয়গাঁও উকিয়াম পথটো অতি সোনকালে পুনৰ্নিমাণ কৰিব বুলিও সভাত ঘোষণা কৰে। এই উপলক্ষে ৰবিবাৰে চিকিৎসায়খনত অনুষ্ঠিত এখন সভাত বিধায়কগৰাকীৰ পত্নী নুৰী খান , ছয়গাঁও আৰু বনগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, সমাজকৰ্মী ছামচুল আহমেদ, চবিন বড়োৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
মহিদুল ইছলাম ,বকো ,Ne India News