বিধায়ক ৰুপজ্যোতি-অখিল গগৈৰ বাকযুদ্ধ ! বিধায়ক অখিল গগৈক মস্তিস্কহীন আখ্যা

12

বিধায়ক ৰুপজ্যোতি-অখিল গগৈৰ বাকযুদ্ধ ! বিধায়ক অখিল গগৈক মস্তিস্কহীন আখ্যা

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ দুই বিধায়কৰ বাকযুদ্ধ । শিৱসাগৰৰ বিধায়ক অখিল গগৈ NDA ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ জাতিগত বিযয়ক লৈ প্ৰশ্ন উঠালে । অখিল গগৈৰ প্ৰশ্ন দ্ৰোপদী মুৰ্মু প্ৰকৃত আদিবাসী হয়নে ??ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুক লৈ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ পিচতে জাঙুৰ খাই উঠিছে বিজেপি বিধায়ক ৰুপজ্যোতি কুৰ্মী । চাহবাগিছা অঞ্চলত অখিল গগৈক প্ৰবেশ নিষেধ কৰিবলৈ আহব্বান ৰুপজ্যোতি কুৰ্মিৰ । আৰু এঢাপ আগুৱাই গৈ বিধায়ক ৰুপজ্যোতি কুৰ্মিয়ে মন্তব্য কৰে যে বিধায়ক অখিল গগৈ মস্তিস্কহীন , পাগল

দুই বিধায়কৰ এই বাকযুদ্ধ ৰাজ্যৰ ৰাজনীতিত এক অশুভ ইংগীত বহন কৰিছে । বিধায়ক অখিল গগৈৱে ৰাষ্ট্ৰপতি পদৰ সন্মানীয় প্ৰাৰ্থী এগৰাকীৰ বিৰুদ্ধে কৰা এই তীৰ্ষক মন্তব্যক সহজভাৱে লব পৰা জনতা । দ্ৰোপদী মুৰ্মুৰ জাতিগত বিযয়ত মাত মতাৰ অধিকাৰ কত পালে বুলি প্ৰশ্ন সচেতন জনতাৰ । ইয়াৰ বিপৰীতে বিধায়ক ৰুপজ্যোতি কুৰ্মীৰ মন্তব্যকো সহজভাৱে লব পৰা নাই । বিধায়ক এগৰাকী ৰাইজৰ প্ৰতিনিধি । সমষ্টিটোৰ জনতাৰ ৰায়ক সন্মান দিয়া উচিত । এগৰাকী বিধায়কক মস্তিস্কহীন বুলি কৰা এই মন্তব্য কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে । বিধায়ক দ্বয়ৰ এই বাকযুদ্ধই আগন্তুক দিন কেইটাত অসমৰ ৰাজনীতি উত্তপ্ত কৰি ৰাখিব । ৰুপজ্যোতি কুৰ্মিৰ মন্তব্যৰ অখিল গগৈৱে কি প্ৰতিক্ৰিয়া দিয়ে এয়া আগন্তুক দিনত লক্ষণীয় হব ।

News Bureau, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here