বিধায়ক নুৰুল হুদাৰ হুংকাৰ

0
812
NE INDIA:  নগাঁৱৰ ৰূপহীহাটৰ উত্তৰ খাটোৱালৰ ঘটনাৰ বাবে বিধানসভাত উত্তৰ দিব লাগিব শক্তি মন্ত্ৰী তপন গগৈয়ে । শনিবাৰে নগাঁও অসামৰিক চিকিৎসালয়ত উক্ত ঘটনাৰ আহত সকলৰ স্বাস্থ্যৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত এই হুংকাৰ প্ৰদান কৰে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই । লগতে বিধায়ক গৰাকীয়ে কয় যে , বিদ্যুত বিভাগে যিবিলাক গাফিলতি কৰি আছে , যিবিলাক মানৱ সম্পদ নিধন কৰি আছে তাৰবাবে বিভাগীয় লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ উপৰিও চাকৰিৰ পৰা বৰ্খাস্ত কৰি জেল হাজোতত প্ৰেৰণ কৰি হত্যাৰ গোচৰত অভিযুক্ত কৰি  আদালতৰ কাঠগড়াত থিয় কৰাব লাগে । উল্লেখ্য যে , শুকুৰবাৰে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই উত্তৰ খাটোৱালত একেটা পৰিয়ালৰ ৬গৰাকীক লোকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ উপৰিও দুগৰাকী লোক আহত হৈছিল । সেই ঘটনাত আহত দুগৰাকী বৰ্তমানেও নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । শনিবাৰে আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লৈ ঔষধ-পাতিৰ যোগান ধৰে স্থানীয় বিধায়ক নুৰুল হুদাই ।
আদিল শ্বাহ নগাঁও NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here