Monday, March 27, 2023
HomeAssameseবিদ্যুৎ যোগানত হোৱা অনিয়মৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ! চিলাপথাৰত ঘেৰাওঁ বিদ্যুৎ কাৰ্যালয়

বিদ্যুৎ যোগানত হোৱা অনিয়মৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ! চিলাপথাৰত ঘেৰাওঁ বিদ্যুৎ কাৰ্যালয়

বিদ্যুৎ যোগানত হোৱা অনিয়মৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ! চিলাপথাৰত ঘেৰাওঁ বিদ্যুৎ কাৰ্যালয়

ধেমাজি জিলাৰ চিলাপথাৰৰ বিভিন্ন অঞ্চলত বিদ্যুৎ যোগানৰ নামত কৰি গৈছে লুকা-ভাকু । ২৪ ঘন্টাৰ ভালকৈ ৫ ঘন্টাই নেথাকে নিয়মিত বিদ্যুৎ সেৱা। আকৌ কেতিয়াবা যদি বিদ্যুৎ থাকে নেথাকে প্ৰয়োজনীয় ভল্টেজ। বিদ্যুৎ বিভাগৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে আজি চিলাপথাৰত শতাধিক আছু কৰ্মীয়ে ঘেৰাওঁ কৰে চিলাপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়। চিলাপথাৰ,চিচিবৰগাওঁ,শ্ৰীপাণি আৰু ডিমৌ আঞ্চলিক আছুৰ শতাধিক কৰ্মীয়ে চিলাপথাৰ শ্বহীদ ভৱনৰ পৰা পদযাত্ৰাৰে সমদল বাহিৰ কৰি ঘেৰাওঁ কৰে চিলাপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়। প্ৰতিবাদী সকলে হাতে হাতে প্লে-কাৰ্ড বেনাৰ পোষ্টাৰ লৈ বিদ্যুৎ বিভাগ হায় হায়, আমাক নিয়মিত বিদ্যুৎ সেৱা যোগান ধৰক, বিদ্যুৎ বিভাগ কাম নাই , আছু জিন্দাবাদ , ইনক্লাৱ জিন্দাবাদ আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তুলে চিলাপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় চৌহদত। ইফালে প্ৰতিবাদীসকলে চিলাপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ যোগেদি অসমৰ শক্তিমণ্ত্ৰী নন্দিতা গালৰ্চলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদী সকলে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাওঁ কৰাৰ ফলত দীৰ্ঘ সময় ধৰি চিলাপথাৰ-জোনাই সংযোগী পথতত আবদ্ধ হৈ পৰে শ শ যান বাহন । কাৰ্যসূচীত উপস্থিত থাকে ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপসভাপতি দেব কলিতা,সাহিত্য সম্পাদক দেবেন ডেকা,সহকাৰী সম্পাদক সঞ্জীৱ দাস,ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ,সম্পাদক অৰ্নিবান শইকীয়া,চিলাপথাৰ আঞ্চলিকৰ সভাপতি বিক্ৰমজিত গগৈ, সম্পাদক পাপলু গগৈ আদি বহু আছু কৰ্মীয়ে অংশ নেতৃত্ব দিয়ে। প্ৰখৰ ৰ’দতো ৰুপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় দুই শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে কাৰ্যসূচীত।

বিপুল সোণোৱাল , চিলাপথাৰ , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments