বিজেপি – uppl ৰ মধুচন্দ্ৰিকাৰ অন্ত পৰিব নেকি ? এই কথাই আজি সৰ্বত্তে চৰ্চা চলিছে । বিজেপি আৰু Uppl ৰ মাজত সকলো ঠিকে ঠাকে নাই , এই কথাই প্ৰমাণ কৰিলে প্ৰাক্তন BTC প্ৰধান তথা BPF প্ৰমুখ হাগ্ৰামা মহিলাৰীৰ এটা মন্তব্যই ।
বৰ্তমানৰ BTC প্ৰধান প্ৰমোদ বড়োৱে বিজেপিক BTC ৰ শাসনৰ পৰা বিতাৰিত কৰিবলৈ সমৰ্থন বিচাৰিছে হাগ্ৰামা মহিলাৰীৰ পৰা ।
যদি হাগ্ৰামাৰ কথাই সত্য হয় তেন্তে আগন্তুক দিনত BTC ত ৰাজনৈতিক ধুমুহা সৃষ্টি হোৱাটো নিশ্চিত । হাগ্ৰামা মহিলাৰীৰ প্ৰমোদ বড়োক প্ৰত্যাহ্বান ।
BTC প্ৰধান প্ৰমোদ বড়োক মিছলীয়া আখ্যা হাগ্ৰামা মহিলাৰীৰ ।
হাগ্ৰামা মহিলাৰীৰ মন্তব্যৰ পিচতে ব্যপক চৰ্চা চলিছে ৰাজনৈতিক মহলত । আগন্তুক দিনবোৰত বিজেপি দল BTC ৰ শাসনৰ পৰা বিতাৰিত হব নেকি ? নে বিজেপিয়ে UPPL ক দি অহা সমৰ্থন প্ৰত্যাহাৰ কৰি BPF ক সমৰ্থন জনাব । আগন্তুক দিনত BPF – BJP ৰ পৰিষদ গঠন হব নেকি BTC ত । এই প্ৰশ্ন সমুহৰ উত্তৰ পাবলৈ বাট চাব লাগিব আৰু কিছুদিনলৈ
News desk report , Ne India News