বিজেপি সভাপতি ৰন্ঞ্জিত দাসৰ সমষ্টি সলনিক লৈ কটাক্ষ

0
125

 

বিজেপি সভাপতি ৰন্ঞ্জিত দাসৰ সমষ্টি সলনিক লৈ কটাক্ষ

বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰন্ঞ্জিত দাসে সমষ্টি সলনি কৰাকলৈ কটাক্ষ অসম জাতীয় পৰিষদৰ আহ্বায়ক বসন্ত ডেকাৰ । আজি মাৰ্ঘেৰিটাত দলীয় প্ৰাৰ্থী সন্ঞ্জয় কুমাৰ দেৱৰ সমৰ্থনত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহি এই কটাক্ষ কৰাৰ লগতে নৰেন্দ্ৰ মোডীয়ে প্ৰকাশ কৰা ডবল ইন্ঞ্জিন চৰকাৰৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

গাওঁৱে গাওঁৱে নগৰে নগৰে এতিয়া নিৰ্বাচনৰ জ্বৰ । প্ৰাৰ্থীয়ে পুৱাৰে পৰা” নিশালৈকে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি অব্যাহত ৰাখিছে নিৰ্বাচনী ৰণজয়ৰ যুঁজ । ব্যক্তিক্ৰম নহয় ১২৪ নং মাৰঘেৰিটা বিধান সভা সমষ্টিটো । সমষ্টিটোৰ অসম জাতীয় পৰিষদৰ প্ৰাথী সন্ঞ্জয় কুমাৰ দেৱৰ সমৰ্থনত আজি মাৰ্ঘেৰিটাৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দুৰত্বত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ আহ্বায়ক বসন্ত ডেকাই ৰাজ্যত এইবাৰ অজাপই উল্লেখযোগ্য সাফল্য লাভ কৰিব বুলি কয় । অজাপৰ সম্পৰ্কত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰন্ঞ্জিত দাসে কৰা মন্তব্যৰ সম্পৰ্কে প্ৰতিক্ৰিয়া জানিব বিচৰাত সমষ্টি সলনি কৰা দাসক কটাক্ষ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডবল ইন্ঞ্জিনৰ চৰকাৰৰ কথা কৈ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ ব্যৰ্থতাকে উদঙাই দিয়া বুলি কয় ।
অন্যহাতে বংগমূলীয় ব্যক্তিক অসম জাতীয় পৰিষদে মাৰ্ঘেৰিটাত প্ৰাৰ্থীত্ব দিয়াক কেন্দ্ৰ কৰি বিজেপিয়ে প্ৰকাশ কৰি অহা মন্তব্যৰ সম্পৰ্কত সন্ঞ্জয় কুমাৰ দেৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

 বাবা নেওগ,মাৰ্ঘেৰিটা, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here