Friday, March 24, 2023
HomeAssameseবিজেপি নেতাৰ বিতৰ্কিত পোষ্ট ! বজৰংগ দলৰ মঙলদৈ সদৰ আৰক্ষী চকীত...

বিজেপি নেতাৰ বিতৰ্কিত পোষ্ট ! বজৰংগ দলৰ মঙলদৈ সদৰ আৰক্ষী চকীত এজাহাৰ

বিজেপি দল তথা বিজেপি চৰকাৰ খনে দুতলীয়া ৰাজনীতি আৰম্ভ কৰিছে নেকি ? বিজেপি প্ৰবক্তা নুপুৰ শৰ্মাই ইচলামৰ প্ৰফেট মহম্মদৰ ওপৰত কৰা মন্তব্যৰ পিচত দলে নিলম্বিত কৰিছিল নেতাগৰাকীক । তাৰ বিপৰীতে নুপুৰ শৰ্মাক প্ৰৰোচিত কৰা ৰেহমানীৰ বিৰুদ্ধে বিজেপি নেতাৰ এটা শব্দ ও উচ্চাৰণ কৰা দেখা নগল ।
ইচলামৰ প্ৰফেট মহম্মদৰ বিৰুদ্ধে মন্তব্য দিয়াটো যেনেকৈ গ্ৰহণযোগ্য নহয় , তেনেদৰে হিন্দু দেৱ-দেৱীৰ বিৰুদ্ধেও মন্তব্য কৰাটো গ্ৰহণযোগ্য হব নোৱাৰে ।
হিন্দুৰ বিৰুদ্ধে এইবাৰ ভুৱা অপ্ৰপ্ৰচাৰত নামিছে স্বয়ং বিজেপিৰে কৰ্মকৰ্তা ।
হয় , বিজেপিৰ সংখ্যালঘু গোটৰ এগৰাকী বিয়াগোম নেতা ৰেকিবুৰ ৰহমান ।
ৰেকিবুৰ ৰহমানে ফেচবুকৰ জৰিয়তে কৰা এটা পোষ্টে তোলপাৰ লগাইছে । হিন্দুৰ আৰাধ্য পুৰুষোত্তম ৰামৰ সহধৰ্মিনী সীতাক লৈ ৰেকিবুৰ ৰহমানে দিছিল এক বিতৰ্কিত পোষ্ট ।
সীতা মাতাৰ বিবাহ ৬ বছৰ বয়সতে হৈছিল বুলি পোষ্ট দিছিল বিজেপি নেতা ৰেকিবুৰ ৰহমানে । এই পোষ্টৰ দ্বাৰা মাতা সীতাকেই নহয় পুৰুষোত্তম শ্ৰীৰামকো অপমাণিত কৰিলে ৰেকিবুৰ ৰহমানে ।
ৰেকিবুৰ ৰহমানৰ বিতৰ্কিত পোষ্টৰ পিচতো মুখত তলা ওলমাই বহি থাকিল বিজেপি নেতৃত্ব । বাইট দিবলৈ নাহিল মন্ত্ৰী বিধায়ক কিম্বা দলীয় নেতা । নিশ্চুপ হৈ থাকিল সততে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে সৰৱ হৈ প্ৰাক্তন বিধায়ক শিলাদিত্য ও ।


কোন এই ৰেকিবুৰ ৰহমান । দলগাওঁ‌ৰ বাসিন্দা তথা বিজেপিৰ সংখ্যালঘু গোটৰ নেতা ৰেকিবুৰ ৰহমান । বিজেপিৰ সাংসদ , মন্ত্ৰীৰে সভা শুৱনী কৰা এগৰাকী বিজেপি নেতা ৰেকিবুৰ ৰহমান । সাংসদ উপস্থিত থকা বিজেপিৰ ৰেলিতো দ্বিতিয় শাৰীত উপস্থিত এইগৰাকী ৰেকিবুৰ ।
প্ৰশ্ন উঠিছে, ৰেকিবুৰ ৰহমানে কত পালে সীতা মাতাই ৬ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হোৱাৰ তথ্য । বিতৰ্কিত পোষ্টটো দিয়াৰ পিচদিনা ৰেকিবুৰ ৰহমানে আন এটা পোষ্ট দি যুক্তি দিছিল এই তথ্য তেওঁ‌ ভিডিও এটাত পাইছে । কিন্ত সেই পোষ্টটোত থকা তথ্যৰ সত্যতা বিচাৰ নকৰাকৈ কিয় সীতা মাতা অপমাণ কৰিলে বিজেপি নেতাগৰাকীয়ে ।ইয়াৰ উত্তৰ দিব লাগিব ৰেকিবুৰ ৰহমানে , উত্তৰ দিব লাগিব বিজেপি দলেও ।
ইচলামৰ ধৰ্মগুৰুৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য দিয়াৰ বাবে যদি নুপুৰ শৰ্মাক দলে বাহিৰ কৰি দিব পাৰে , হিন্দুৰ আৰাধ্য দেৱীক অপমান কৰা জনৰ ক্ষেত্ৰত নিশ্চুপ কিয় বিজেপি ।
মঙলবাৰে দৰং জিলাৰ বজৰংগ দলে ৰেকিবুৰ ৰহমানৰ বিৰুদ্ধে মঙলদৈ সদৰ আৰক্ষী চকী এজাহাৰ প্ৰদান কৰে ।
ৰাজ্যৰ সচেতন মহলত প্ৰশ্ন উঠিছে , বিজেপিত তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ হৈছে নেকি ? বিজেপিৰ সংখ্যালঘু গোটৰ এগৰাকী নেতাই হিন্দু দেৱীক অপমাণিত কৰি পোষ্ট দিয়াৰ পিচতো ৰাজ্যিক বিজেপি নিশ্চুপ আছে কিয় ?

News Desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments