মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত বিজেপি চৰকাৰে ব্যাপক উন্নয়ন কৰা বুলি নেতা পালি নেতাই ঢাকঢোল বজাই থকাৰ সময়তে উজনি অসমৰ তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ এখন ঐতিহাসিক তথা এখন জৰাজীৰ্ণ দলঙে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। ১২৬ নং শদিয়া বিধাসভা সমষ্টি অন্তৰ্গত ছৈখোৱাৰ ধলা বজাৰৰ পৰা ঐতিহাসিক শ্ৰী শ্ৰী কেচাখাইটি শাল হৈ ড° ভূপেন হাজৰিকা সেতুৰ সংযোগী পথৰ ভুবন খালস্থিত এখন জৰাজীৰ্ণ কাঠৰ দলঙে বিগত বছৰ বছৰ জিয়াতু ভোগাই আহিছে ছৈখোৱা অঞ্চল বাসীক। উল্লেখ্য যে, ভোবন খালৰ এই দলং অতিক্ৰম কৰিয়েই যাব লাগে ঐতিহাসিক শ্ৰী শ্ৰী কেচাখাইটি শাললৈ। অতি জাগ্ৰত বুলি ৰাইজৰ মাজত বিশ্বাস থকা এই শ্ৰী শ্ৰী কেচাখাইটি শাললৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক বহু লোকৰ আগমন হয়। কিন্তু ভুবন খালৰ এই জৰাজীৰ্ণ দলঙখনে বছৰ বছৰ ধৰি দূৰ্ভোগ ভোগাই আহিছে শাললৈ অহা ভক্তৰ লগতে বৃহত্তৰ ছৈখোৱা অঞ্চলৰ উক্ত পথত থকা প্ৰায় ১০ খন গাঁৱৰ ৰাইজ তথা ছাত্ৰছাত্ৰীক। উল্লেখ্য যে, ৰাজ্যত বিগত ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত নিৰ্বচানী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে শদিয়াৰ বিধায়ক বলিন চেতিয়াই প্ৰকাশ কৰি উলিওৱা বিগত কাৰ্যকালৰ কৰ্মখতিয়ানত শদিয়া বিধানসভা সমষ্টিৰ দক্ষিণ পাৰৰ ছৈখোৱাঘাট স্থিত ঐতিহাসিক শ্ৰী শ্ৰী কেচাঁ খাইটী শাল আৰু ধলাবজাৰ পথত থকা কাঠৰ দলংখনৰ ঠাইত আৰ চি চি দলং নিৰ্মাণৰ বাবে মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান ২০১৭-২০১৮ শিতানত ৩,৮৯,৩২,০০০ টকাৰ অনুমোদন লাভ কৰা বুলি উল্লেখ কৰিছিল। কিন্তু বিগত ২০১৭-২০১৮ বৰ্ষতে অনুমোদন লাভ কৰা উক্ত পকী দলঙৰ আজি পৰ্যন্ত নিৰ্মাণ কাৰ্য আৰম্ভনী তথা আধাৰশিলাই স্থাপন কৰা পৰিলক্ষিত নহল।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News