বিগত সংশয় আৰু নতুন দিনৰ আশাঃ

0
134

বিগত সংশয় আৰু নতুন দিনৰ আশাঃ

স্কুল চলি আছিল, কলেজ চলি আছিল। চলি আছিল উৎসাহ-উদ্দীপনা। চলি আছিল মানুহৰ ব্যস্ততাৰ দৌৰা-দৌৰি। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা শেষ হৈছিল। কেন্দ্ৰীয় সংসদৰ পৰীক্ষা চলি আছিল। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উৎকণ্ঠাৰ অন্ত পৰোঁ পৰোঁ। হঠাতে কিছুমান খবৰ আৰু ভিডিঅ’ মানুহৰ মোবাইলে মোবাইলে বিস্তাৰিত হৈ সকলোকে কঁপাই তুলিলে। কথাবোৰ সিমানতে ক্ষান্ত নাথাকি টেলিভিচনৰ পৰ্দাতো বিস্তাৰ লাভ কৰিলে। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ প্ৰধানে জনসাধাৰণক পৰামৰ্শ, নিয়ম-নীতি আৰু সকীয়ণি দিবলৈ আৰম্ভ কৰিলে।

ভাৰতত COVID-19 চীনৰ পৰা বিস্তাৰ হোৱাৰ খবৰ ২০২০ চনৰ ৩০ জানুৱাৰীত প্ৰচাৰিত হয়।
ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে চিন্তাগ্ৰস্ত ভাৱে টেলিভিছনৰ পৰ্দাত দেখা দিলে। ২০২০ চনৰ ১১ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই ন’ভেল কৰ’ণা ভাইৰাছে অতি মাৰি ৰূপ ধাৰণ কৰিছে বুলি ঘোষণা কৰিলে। লগতে বিশ্বৰ সকলো ৰাষ্ট্ৰ প্ৰধানলৈ সাৱধানতা, চিকিৎসা আৰু ৰোগৰ বিস্তাৰ ৰোধ কৰিবলৈ বিভিন্ন নিৰ্দেশনা জাৰি কৰিলে।
ভাৰতত প্ৰথমটো Covid-19 ৰোগী ১৯ মাৰ্চত চণ্ডীগড়ত চিনাক্ত কৰা হয়। কিন্তু চিকিৎসা?
একো চিকিৎসা নাই। মাত্ৰ ঘৰৰ ভিতৰত সোমাই থকা। বাৰে বাৰে হাত ধোৱা। ধুব নোৱাৰিল চেনিটাইজাৰ ব্যৱহাৰ কৰা। বজাৰত চেনিটাইজাৰ দুস্প্ৰাপ্য হৈ পৰিল। নিতান্ত প্ৰয়োজনত বাহিৰলৈ ওলাব লগীয়া হ’লে মুখা পিন্ধা আৰু মানুহৰ পৰা নিৰ্দিষ্ট দূৰত্ব ৰক্ষা কৰা।
গাড়ী-মটৰ, কল-কাৰখানা, দোকান-বজাৰ হঠাতে স্তব্ধ হৈ গ’ল। পৃথিৱী নিশ্চুপ হৈ পৰিল। আৰু মানুহ ভয়ত শিল যেন হ’ল।
স্বাস্থ্য কৰ্ম্মী, চাফাই কৰ্ম্মী, এম্বুলেঞ্চ,পুলিচৰ মানুহ আৰু বাতৰি যোগনীয়াৰ দিন-ৰাতি জাগি জাগি এখন যুদ্ধ চলাই থাকিল – অদৃশ্য এক ক্ষূদ্ৰাতিক্ষূদ্ৰ বিষাণুৰ বিৰুদ্ধে। গোটেই পৃথিৱীতে শ-হাজাৰ পাৰ হৈ মানুহৰ জীৱন নাশৰ সংখ্যা লাখৰ ঘৰ চুলে। ভাইৰাছৰ বিষয়ে বিভিন্ন ধৰণৰ কথা প্ৰচাৰ হ’বলৈ ধৰিলে। কাৰোবাৰ মতে সকলো মিছা। ভাইৰাছে তেওঁলোকৰ একো হানি কৰিব নোৱাৰে বুলি বুকু ফিন্দাই ঘূৰি ফুৰিলে। কিন্তু মানুহৰ মৃত্যু ঘটিয়েই থাকিল। বহুতো, ডাক্তৰ, নাৰ্ছ, সাংবাদিক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ই পৃথিৱীৰ শক্তিশালী মন্ত্ৰী, বিষয়া, সৈনিক – কাকো ৰেহাই নিদিলে।
কিন্তু প্ৰকৃতিৰ বুকুত কিছুমান অভাৱনীয় পৰিবৰ্তন সংঘটিত হ’ল। বায়ু-পানী নিৰ্মল হ’ল। জীৱ-জন্তুৱে বহুপৰিমাণে সকাহ পালে। নিৰ্ভয়ে অৰণ্যৰ পৰা ওলাই আহি চহৰ-নগৰত ঘূৰিব পৰা হ’ল। মানৱ জাতিয়েও বহুত শিক্ষা লাভ কৰিলে।
ঠাই বিশেষে লাহে লাহে সংক্ৰমণ কমি আহিছে। বহু গৱেষণাৰ অন্তত ভাইৰাছৰ প্ৰতিষেধকো প্ৰস্তুত হৈ মানুহৰ মাজলৈ অহাৰ অপেক্ষাত।
কিন্তু ভয়াবহতা শেষ হোৱা নাই। তথাপি আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই। লগতে মানুহৰ নিজৰ প্ৰচেষ্টা চলি থাকিব নিজক বচোৱাৰ। নতুন বছৰৰ আৰম্ভণিতে সকলোৱে আশা কৰিছে – এই ভয়াবহ পৰিস্থিতিৰ অন্ত পৰক। দিনবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক।
আমাৰ অসমৰ মানুহৰ ভাগ্য হযতো কিছু পৰিমাণে ভাল। মৃত্যুৰ সংখ্যাটো বেছি নহয়। বৰ্তমান বহু কেইখন কবিড হস্পিটেল বন্ধ কৰি দিয়া হৈছে। তাৰ পৰা এটা কথা আশা কৰিব পাৰি যে শীঘ্ৰেই এটা সম্পূৰ্ণ স্বাভাবিক অৱস্থা সমাগত। কিন্তু অকল কৰ’ণাই নহয়, সকলো প্ৰকাৰৰ ৰোগৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা কৰিব লাগিলে বিগত সময়চোৱাত হোৱা অভিজ্ঞতাৰে সকলোৱে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব।
এখন সুস্থ পৃথিৱীৰ ছবি নতুন বছৰে কঢ়িয়াই আনিব বুলি সকলোৰে বিশ্বাস। আমিয়ো আশাবাদী!

আৰ কে বেজবৰুৱা 

LEAVE A REPLY

Please enter your comment!
Please enter your name here