বাৰেকুৰি আঞ্চলিক সমিতিৰ ষষ্ঠ ত্রি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আৰম্ভ
অসম মৰাণ সভা বাৰেকুৰি আঞ্চলিক সমিতিৰ ষষ্ঠ ত্রি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আৰম্ভ।
হাপজান বৰনামঘৰৰ ভকতবিন্দৰ উপস্থিতিত অধিৱেশনৰ লাইখুটা স্থাপন কৰা হ’ল হাতীজান ৰাজহুৱা প্ৰেক্ষাগৃহত।
দুদিনীয়া কাৰ্য্যসূচীৰে অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে বাৰেকুৰি হাতীজানবাসী ৰাইজে।
আগন্তুক আগষ্ট মাহৰ ৬ আৰু ৭ তাৰিখে অনুষ্ঠিত কৰা হব অধিৱেশনখনি।
অধিৱেশনত বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লগতে ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়া জিলাখনৰ আটাইকেইজন বিধায়ক উপস্থিত থাকিব বুলি অৱগত কৰে উদ্যোক্তাই।
আনহাতে সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী।
সোমবাৰে লাইখুটা স্থাপন কৰা অনুষ্ঠানটোত উপস্থিত থাকে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সাধাৰণ সম্পাদক দুৰ্লভ গোহাঁই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া।