বাৰেকুৰিৰ যজ্ঞোখোৱাত যু্ৱ সংঘ-মহিলা সমিতিৰ কৃৰ্তী ছাত্ৰছাত্ৰীক সম্বৰ্ধনা
এইবৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা যজ্ঞোখোৱা গাঁৱৰ ২১ গৰাকী ছাত্ৰছাত্ৰীক যজ্ঞোখোৱা প্ৰাথমিক বিদ্যালয়ত যজ্ঞোখোৱা জ্যোতিৰ্ময় যু্ৱ সংঘ আৰু যজ্ঞোখোৱা মহিলা সমিতিৰ উদ্যোগত বুধবাৰে এক অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰে ৷
ডেংকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংকেশ্বৰ গোঁহায়ে সভাপতিত্ব কৰা সভাখনত আঁত ধৰে যজ্ঞোখোৱা জ্যোতিৰ্ময় যু্ৱ সংঘৰ সম্পাদক সুভজিত মৰাণে ৷ সভাৰ আৰম্ভণিতে বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সোণকন চুতীয়াই অভিনন্দন গ্ৰহণ কৰিবলৈ অহা ছাত্ৰছাত্ৰীসকলক উদ্দেশ্যি কয় যে, ছাত্ৰছাত্ৰীসকলে এতিয়া মাত্ৰ এখন দেওনা পাৰ হৈছা, এতিয়া আৰু বহুত বাধাবিঘিণি আহিব ৷ গতিকে যিকোনো বাধাবিঘিণি অতিক্ৰম কৰি আগুৱাই যাব লাগিব ৷ সমান্তৰালভাৱে নীতিশিক্ষাৰ বহু প্ৰয়োজন, নীতিশিক্ষাৰ জৰিয়তেহে এগৰাকী প্ৰকৃত মানৱ গঢ়ি তুলিব পাৰি ৷ সময়ৰ ঢৌত যাতে উটি নোযোৱা তাৰ প্ৰতি লক্ষ্য ৰাখি চৰিত্ৰ সঠিকভাৱে গঢ় দিব পাৰা তাৰেই কামনা কৰি সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷ চুতীয়াৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকলেও কৃৰ্তী ছাত্ৰছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সকলোৱে অনাগত দিনত নিজৰ লগতে সমাজৰসকে কাম কৰি আগুৱাই যায় তাৰবাবে আহ্বান জনায় ৷
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News