Saturday, March 18, 2023
HomeAssameseবাৰিষাৰ বানত নিঃশেষ হোৱাৰ দিশত ডুমডুমাৰ কৰ্দৈগুৰি বহু কেইখন গাঁও

বাৰিষাৰ বানত নিঃশেষ হোৱাৰ দিশত ডুমডুমাৰ কৰ্দৈগুৰি বহু কেইখন গাঁও

ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ। বাৰিষাৰ বানত যিকোনো মুহূৰ্তত নিঃশেষ হোৱাৰ দিশত এতিয়া তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কৰ্দৈগুৰি বহু কেইখন গাঁও।১৯৯২ চনৰ পৰা বান আৰু গৰাখহনীয়াই সন্ত্ৰাস সৃষ্টি কৰি লংপিত, কাঁইটীয়া, ৰঙাজান, সুমৈজান, বাদলপথাৰ কুৰিখন গাঁও সম্পূৰ্ণ ৰূপে নিশ্চিহ্ন কৰাৰ পাছত এইবাৰ চপৰা চপৰে খহিছে, ৩ নং কৰদৈগুৰি,কেৰাণী, দৰ্জীজান, আৰু ঐতিহাসিক শ্ৰী শ্ৰী টিপুক মায়ামৰা শিমলুগুৰি সত্ৰৰ ভূমি। খহনীয়াই প্ৰতি বছৰে নষ্ট কৰি আহিছে বৃহৎ সংখ্যক কৃষি ভূমিও। সেইয়ে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে যিকোনো মুহূৰ্ততে নদীৰ বুকুত বিলীন হ’ব পৰা আতংকিত বহুত কেইটা পৰিয়ালৰ সমস্যাৰ বুজ লবলৈ তেওঁলোকৰ কাষত উপস্থিত হয়হি ডুমডুমাৰ আঞ্চলিক ছাত্র সন্থাৰ এটি সজাতি দল। আৰু অতি সোনকালে বিজ্ঞানসন্মত ভাৱে খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় বিধায়কক দাবী জনায়আছুৰ বিষয়ববীয়া সকলে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments