বায়ু সেনাৰ ২খন হেলিকপ্টাৰৰ মাজত মুখামুখি সংঘৰ্ষ ! নিহত ১৫ জন
আফগানিস্তানত এক ভয়ংকৰ বায়ু দুৰ্ঘটনা সংঘটিত হয়।মঙলবাৰে নিশা আফগান বায়ুসেনাৰ ২খন হেলিকপ্টাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়।এই দুৰ্ঘটনাটোত প্ৰায় ১৫জন লোকে প্ৰাণ হেৰুৱাই।সূত্ৰ অনুসৰি, হেলিকপ্টাৰেৰে কমাণ্ডোসকলক এটা স্থান নমাই থকা হৈছিল আৰু তাৰ পৰা আহত সুৰক্ষা কৰ্মীক লৈ যোৱা হৈছিল।
মাজতে দুয়োখন হেলিকপ্টাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। উল্লেখ্য যে, এই ঘটনাটোত ৮জন লোকৰ থিতাতে মৃত্যু হয়।আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা এই দুৰ্ঘটনাটোক লৈ কোনোধৰণৰ মন্তব্য প্ৰদান কৰা হোৱা নাই।
News Desk,Ne India